নিউজ ডেস্ক, ৩ ডিচেম্বৰ : সমগ্ৰ বিশ্বৰ লগতে বৃহস্পতিবাৰে বৰপেটাতো পালন কৰা হয় বিশ্ব দিব্যাংগ দিৱস । বৰপেটা জিলা প্ৰশাসন আৰু বৰপেটা জিলা বিকলাংগ সন্থাৰ উদ্যোগত অনুষ্ঠিত দিব্যাংগ দিৱস উপলক্ষে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা এটি সজাগতামূলক ৰেলী উলিওৱা হয় ৷ আনহাতে দিব্যাংগ দিৱস উপলক্ষে অনুষ্ঠিত এখন মুকলি সভাত জিলাখনৰ দিব্যাংগ সকলে অংশগ্ৰহণ কৰে ৷ উক্ত সভাতেই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ৬৩% নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মৃদুল দাস নামৰ বিশেষভাবে সক্ষম ছাত্ৰ গৰাকীক প্ৰেৰণা বঁটা প্ৰদান কৰা হয় ৷ বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই পাঠশালাৰ "তপোৱন"ৰ ছাত্র মৃদুল দাসক "প্ৰেৰণা বটা" প্ৰদান কৰি দিব্যাংগসকলৰ বাবে মৃদুল এক এক আদৰ্শ বুলি অভিহুত কৰে ।

শিৱসাগৰৰ একমাত্ৰ দিব্যাংগ শিশুৰ স্বেচ্ছাসেৱী অনুষ্ঠান কৌমুদালয়তো দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বিশ্ব দিব্যাংগ দিৱস । ২০১১ বর্ষৰ ৩ ডিচেম্বৰ দিনটোতে জন্ম লাভ কৰিছিল কৌমুদালয়ে । বৃহস্পতিবাৰে কৌমুদালয়য়ে সম্পূৰ্ণ কৰিলে ৯ টা বছৰ । সমাজৰ বিশেষভাৱে সক্ষম শিশুসকলক তেওঁলোকৰ শাৰিৰীক, বৌদ্ধিক, আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত জন্মলংগ্নৰে পৰাই যথেষ্ট অৱদান আগবঢ়াই আহিছে । কৌমুদালয়ৰ প্রতিষ্ঠা সময়ৰ পৰাই অবিৰতভাৱে, এক প্রৱাহমান গতিৰে কৌমুদালয়ে সমাজৰ বিশেষ প্রয়োজন সম্পন্ন সকলো শ্ৰেণীৰ লোকৰ বাবে বিশেষকৈ দিব্যাংগ শিশু, কিশোৰ কিশোৰীসকলৰ সর্বস্তৰ বিকাশৰ বাবে নিস্বার্থ সেৱা আগবঢ়াই আহিছে । বিভিন্ন সময়ত শিশুসকলৰ মাজত সুপ্ত হৈ থকা প্রতিভাৰসমূহ বিকাশৰ বাবে যথোচিত প্রয়াস কৰি আহিছে ।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাঙতো বিশ্ব দিব্যাংগ দিৱস উদযাপন কৰা হয় । লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু দোৰপাং পিছলা আঞ্চলিক দিব্য়াংগ অনুষ্ঠানৰ যৌথ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে দোৰপাং পিছলা আঞ্চলিক দিব্য়াংগ অনুষ্ঠানৰ সভাপতি যোগেন বৰদলৈয়ে আৰু গছপুলি ৰোপণ কৰে আদৰ্শ কৃষক মহেন্দ্ৰ শইকীয়াই । ইয়াৰ পিছতে দিপাংকৰ গগৈ, জুবিন বসুমতাৰী আৰু দিপিকা দাসৰ তদাৰকীত দিব্যাংগ সকলক লৈ এটি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । দুপৰীয়া ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় ।

সমগ্ৰ বিশ্বৰ লগতে গোলাঘাটৰ নুমলীগড়ৰ তেলগৰমটো এটি স্বেচ্ছাসেৱী সংগঠনে পালন কৰিছে বিশ্ব দিব্যাংগ দিৱস । বিশেষভাৱে সক্ষম লোক সকলৰ বাবে নিঃস্বাৰ্থ ভাৱে কাম কৰি যোৱা অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা "স্বাৱলম্বী"ৰ উদ্যোগত তেলগৰম ৰংগমঞ্চত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব দিব্যাংগ দিৱস । বিভিন্ন সময়ত স্বেচ্ছাসেৱী সংগঠনটোৱে বিশেষ ভাৱে সক্ষম লোক সকলৰ বাবে কাম কৰি আহিছে । বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তিৰ দ্বাৰা বিশেষ ভাৱে সক্ষম শিশু সকলে উপাৰ্জন কৰিব পৰাকৈ শিক্ষা প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় সামগ্ৰী যেনে হুইল শ্বেয়াৰ, চাইকেল আদি যোগান ধৰি আহিছে ।

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলা দিব্যাংগ সন্থাৰ সহযোগত মৰিগাঁও দিব্যাংগ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত বিশ্ব দিব্যাংগ দিৱস । আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এক আলোচনা চক্ৰত পৌৰহিত্য কৰে জিলা দিব্যাংগ সন্থাৰ সভাপতিয়ে । এই আলোচনা চক্ৰ জিলা স্বাস্থ্য বিভাগ যুটীয়া সঞ্চালকৰ ডাঃ ৰোহিনী বৰকটকী,জিলা সাংবাদিক সন্থাৰ সভাপতি জাকিৰ হুছেইন আৰু জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰাই । এই সন্দৰ্ভত সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰাই মন্তব্য কৰে যে, এই আলোচনাৰ জৰিয়তে জিলাখনৰ দিব্যাংগ সকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে আলোকপাত কৰি সেই সকলোবোৰ চৰকাৰী সা-সুবিধা লাভ কৰাৰ বাবে সকলোকে আগুৱাই আহিবলৈ আহবান জনায় ।
লগতে পঢ়ক : চৰকাৰৰ বিৰুদ্ধে প্ৰতিবন্ধী সকলক প্ৰতাৰণাৰ অভিযোগ