বৰপেটা, ২৯ জুন: বানত ডুব গৈছে সত্ৰনগৰী বৰপেটা (Flood in Barpeta)৷ হাৰিজানৰ মথাউৰি ভাঙি সোমোৱা নখান্দাৰ পানীয়ে জলমগ্ন কৰি তোলা বৰপেটা চহৰৰ বহু পৰিয়াল এতিয়াও আশ্ৰয় লৈ আছে শিবিৰত ৷ চহৰখনৰ বহু অঞ্চল এতিয়াও বানত জলমগ্ন ৷
বানত ক্ষতিগ্ৰস্থ বৰপেটা চহৰৰ বানাক্ৰান্তক সহায়ৰ বাবে আগবঢ়ি আহিছে ইউনিয়ন বেংক অৱ ইণ্ডিয়া (Union Bank of India distributes flood relief) ৷ ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক প্ৰৱন্ধকৰ উপস্থিতিত বুঙবাৰে সত্ৰনগৰী বৰপেটাৰ ৮ শতাধিক পৰিয়ালৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে ৷
বৰপেটাত সাহাৰ্য সামগ্ৰী বিতৰণ কৰি দলটোৱে বানত ভীষণভাৱে ক্ষতিগ্ৰস্থ শিলচৰ চহৰ আৰু ৰাজ্যৰ আন অঞ্চলসমুহতো সাহায্য আগবঢ়াব (Flood situation in Silchar)৷
লগতে পঢ়ক: আমিৰ খানে অসমৰ বানপীড়িতলৈ আগবঢ়ালে ২৫ লাখ