ETV Bharat / state

শিলাত ব্ৰাউন চুগাৰসহ আটক ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Sep 11, 2020, 7:39 AM IST

বৰপেটাত ব্ৰাউন চুগাৰসহ আটক ড্ৰাগছ ব্যৱসায়ী ৷ উপ আৰক্ষী অধীক্ষক আৰু বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানত জব্দ হৈছে 9 টা ব্ৰাউন চুগাৰৰ কন্টেইনাৰ ৷ বিগত 12 দিনত বৰপেটাত আটক হৈছে 10 জনকৈ ড্ৰাগছ ব্যৱসায়ী ৷

two person arrested with brown sugar
two person arrested with brown sugar

বৰপেটা, 11 ছেপ্টেম্বৰ : ড্ৰাগছ ব্যৱসায়ৰ ঘাটিত পৰিণত বৰপেটা জিলা ৷ এজনৰ পিছত আনজন ড্ৰাগছ ব্যৱসায়ী জালত পৰিছে আৰক্ষীৰ ৷ বৰপেটা, বৰপেটাৰোড, বহৰি আৰু হাউলী চহৰৰ পাচত এইবাৰ শিলাত গ্ৰেপ্তাৰ দুজনকৈ ড্ৰাগছ ব্যৱসায়ী ৷ ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা উদ্ধাৰ হৈছে ব্ৰাউন চুগাৰ ভৰ্তি ৯টাকৈ কন্টেইনাৰ ৷

ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন পালহাজী গাঁৱৰ লিয়াকত আলী আৰু কেওটপাৰা গাঁৱৰ হামিদ শিকদাৰ ৷ উপ আৰক্ষী অধীক্ষক মদন কলিতা আৰু বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত চলা এক অভিযানত আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ কৰিছিল এই দুই ড্ৰাগছ ব্যৱসায়ীক ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুজনে ব্যৱহাৰ কৰা AS 01 HC 6314 নম্বৰৰ চুইফট্ ডিজায়াৰ গাড়ীখনৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ কেইটা ৷

শিলাত ব্ৰাউন চুগাৰসহ আটক ড্ৰাগছ ব্যৱসায়ী

ইপিনে জিলাখনৰ বিভিন্ন স্থানত যোৱা ১২ দিনৰ ভিতৰতে ১০ জনকৈ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষী ৷ ব্যৱসায়ী গ্ৰেপ্তাৰ হোৱা এই ঘটনাই বৰপেটা জিলাত ক্ৰমাৎ শিপাই পৰা ড্ৰাগছ ব্যৱসায়ৰ ভয়াৱহ ছবিখন উদঙাই দিলে ৷ জিলাখনত শিপাই পৰা ড্ৰাগছ ব্যৱসায়ে নৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ দৰে কাৰ্য পৰিলক্ষিত হোৱাৰ লগতে জিলাখনত গঢ় লৈ উঠা ড্ৰাগছৰ ব্যৱসায় সম্পূৰ্ণ ৰূপে উৎখাত কৰিবলৈ আৰক্ষীক দাবী জনাইছে জিলাবাসীয়ে ৷

লগতে পঢ়ক : মহানগৰীত দিন দুপৰতে শিলেৰে কোবাই হত্যা বৃদ্ধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.