বৰপেটা, ৮ এপ্ৰিলঃ ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ইয়াৰ মাজতে বৰপেটা আৰু চিৰাং জিলাত কৰ'ণাত আক্ৰান্ত হ'ল দুজনকৈ লোক ৷ কৰ'ণাত আক্ৰান্ত লোক দুজনক বৰপেটা মেডিকেল কলেজ হাস্পতালৰ কোভিড আইছ'লেচন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে ৷ আক্ৰান্ত লোক দুজন ক্ৰমে, বৰপেটা ৰোডৰ ৰাণু সিং আৰু চিৰাং জিলাৰ বিজনীৰ গোপাল চন্দ্ৰ সাহা ৷ দুয়োগৰাকী ৰোগীকে বুধবাৰে ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত ৷
ইপিনে স্বাস প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে গোপাল চন্দ্ৰ সাহাক অক্সিজেন দি থকা হৈছে ৷ যোৱা ফেব্ৰুৱাৰী মাহতো বৰপেটাৰ এগৰাকী লোক আক্ৰান্ত হৈছিল কৰ'ণাত ৷ নতুনকৈ কৰ'ণাত আক্ৰান্তক লৈ উদ্বিগ্ন চিকিৎসক আৰু সাধাৰণ ৰাইজ ৷ মাস্ক পৰিধানকে ধৰি নিজৰ সুৰক্ষাৰ বাবে ক'ভিড প্ৰ'ট'কল মানি চলিবলৈ ৰাইজলৈ আহ্বান বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক গৰাকীৰ ৷
লগতে পঢ়ক : ফিল্মফেয়াৰ বঁটা লাভ কৰি উৎফুল্লিত আলায়া