ETV Bharat / state

ডাকঘৰৰ ধন আত্মসাৎ কৰি পলায়ন হাছিম আলীৰ

author img

By

Published : Jun 24, 2021, 9:18 PM IST

বৰপেটা জিলাৰ চকচকা ডাকঘৰত সংঘটিত হৈছে সুকন্যা আঁচনিৰ ধনৰ কেলেংকাৰী । পোষ্ট মাষ্টাৰ হাছিম আলীৰ বিৰুদ্ধে ১০ লাখ টকা আত্মসাতৰ অভিযোগ ।

sukanya-scheme-scandal-in-post-office-of-soksoka-barpeta
ডাকঘৰৰ ধন আত্মসাৎ কৰি পলায়ন হাছিম আলীৰ

জনীয়া, 24 জুন : ৰাজ্যত চৌদিশে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে চৰকাৰে সক্ৰিয়তা প্ৰদৰ্শন কৰা স্বত্বেও শীৰ্ষ মহলৰ পৰা আদি কৰি তৃণমূল পৰ্যায়লৈকে চলি আছে অবাধ দুৰ্নীতি ৷ এচাম চৰকাৰী কৰ্মচাৰীৰ দুৰ্নীতিৰ বাবে ব্যাহত হৈ পৰিছে সৰ্ব-সাধাৰণৰ জীৱনযাত্ৰা ৷ বৰপেটা জিলাৰ চকচকা ডাকঘৰত সংঘটিত হোৱা ধন কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে । চৰকাৰৰ সুকন্যা আঁচনি(sukanya scheme) আৰু ডাকঘৰ সঞ্চয়ৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে পোষ্ট মাষ্টাৰ হাছিম আলীৰ বিৰুদ্ধে ।

ডাকঘৰৰ ধন আত্মসাৎ কৰি পলায়ন হাছিম আলীৰ

জানিব পৰা মতে, গ্ৰাহকে জমা কৰিবলৈ দিয়া টকা ঊৰ্ধতম কৰ্তৃপক্ষৰ হাতত জমা নকৰি পোষ্ট মাষ্টাৰ হাছিম আলীয়ে নিজে আত্মসাৎ কৰাৰ সন্দেহ ওপজে একাংশ গ্ৰাহকৰ ৷ এই সন্দেহৰ ভিত্তিতে বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত ডাকঘৰত অনুসন্ধান কৰিবলৈ উপস্থিত হয় ৰাইজ ৷ অৱশেষত ৰাইজৰ অনুসন্ধানত জোলোঙাৰ মেকুৰী ওলাই পৰে আৰু পোষ্ট মাষ্টাৰ গৰাকীয়ে এই দুৰ্নীতি চলাই থকাৰ বিষয়টোত নিশ্চিত হয় ৰাইজ ।

ইয়াৰ পিছত স্বাভাৱিকতে কষ্টোপাৰ্জিত ধন হেৰুওৱা গ্ৰাহকসকলে ডাকঘৰটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । গ্ৰাহকসকলে অভিযোগ কৰা মতে, পোষ্ট মাষ্টাৰ গৰাকীয়ে প্ৰায় ১০ লাখ টকাৰ কেলেংকাৰী সংঘটিত কৰিছে । ৰাইজৰ সন্মুখত নিজৰ স্বৰূপ ধৰা পৰাৰ পিছত বৰ্তমান পোষ্ট মাষ্টাৰ হাছিম আলী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশ পালেগৈ শ্ব'হাম শ্বপিৰ স্বত্বাধিকাৰী সন্দীপ জালান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.