ETV Bharat / state

সৰভোগত নিশ্চিত পৰাজয়ৰ শংকাত ভুগিছে ৰঞ্জিত দাসঃ মনোৰঞ্জন তালুকদাৰ

author img

By

Published : Jan 22, 2021, 10:38 PM IST

শুকুৰবাৰে বৰপেটা জিলাৰ সৰভোগত এক বিশাল কৃষক সমাৱেশ অনুষ্ঠিত হয় । নতুন কৃষি আইন বাতিলৰ দাবীত দিল্লীত চলি থকা ঐতিহাসিক কৃষক বিদ্ৰোহৰ সমৰ্থনত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ ভাতৃ সংগঠন নিখিল ভাৰত কৃষক সভাই আয়োজন কৰে এই সমাৱেশৰ ৷

sorbhog_kishan_somabesh
সৰভোগত নিশ্চিত পৰাজয়ৰ শংকাত ভুগিছে ৰঞ্জিত দাসঃ মনোৰঞ্জন তালুকদাৰ

জনীয়া, 22 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন কৃষি আইন বাতিলৰ দাবীত দিল্লীত চলি থকা কৃষক বিদ্ৰোহৰ সমৰ্থনত বৰপেটা জিলাৰ সৰভোগত শুকুৰবাৰে এক বিশাল কৃষক সমাবেশ অনুষ্ঠিত হয় । মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ ভাতৃ সংগঠন নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত আয়োজিত এই বিশাল কৃষক সমাবেশত চি পি আই (এম) প্ৰবীণ নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসৰ লগতে ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকে ।

সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ২১ৰ বিধানসভা নিৰ্বাচনৰ সৰভোগৰ মহাজোঁটৰ সাম্ভাব্য প্ৰাৰ্থী চিপিএম নেতা মনোৰঞ্জন তালুকদাৰে কয় যে, " কংগ্ৰেছ- ইউ ডি এফ , চি পি এম, চি পি আইৰ মহাজোঁট বন্ধনে শংকিত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক । যাৰ ফলত বৰপেটালৈ গলে বাংলাদেশ, পাকিস্তান হেন লাগে বুলি পূৰ্বে মন্তব্য কৰা ৰঞ্জিত দাসে এতিয়া সংখ্যালঘু সকলৰ আশীষ আদায়ৰ বাবে বৃহৎ ধন খৰচ কৰি সংখ্যালঘু সন্মিলন আদি কৰি আছে ৷ "

লগতে পঢ়ক: শিৱসাগৰত আছুৰ প্ৰতিবাদঃ আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.