জনীয়া, 27 জুন : এফালে মিনি লক ডাউন, আনফালে দুৰ্ভোগ ভূগিবলগাত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷ লক ডাউনৰ বাবে স্থবিৰ হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ আয়ৰ উৎস ৷ পানীত হাঁহ নচৰা হৈছে কৃষকসকলৰ ৷ কিয়নো উৎপাদিত শাক-পাচলিৰ বিক্ৰী কৰিব নোৱাৰি বৃহৎ লোকচানৰ সন্মুখীন হ’বলগাত পৰিছে কৃষকসকল ৷
কপালৰ ঘাম মাটিত পেলাই কৰা খেতি এতিয়া বাৰীতে গেলি-পচি যাব ধৰিছে ৷ একাংশ কৃষকে ঋণ লৈ বহু আশাৰে কৰিছিল বেঙেনা, তিঁয়হ, বিলাহী, তিতা কেৰেলা, ভেণ্ডি আদিৰ খেতি ৷ কিন্তু মিনি লক ডাউনৰ ফলত উপায়ন্তৰ হৈ পৰিছে কৃষকসকল ৷ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগাত পৰিছে কৃষকসকল ৷
কিন্তু ইয়াৰ মাজতো একাংশই চলাইছে দুৰ্নীতি ৷ লক ডাউনৰ এই সময়ছোৱাত একাংশ ব্যৱসায়ীয়ে বজাৰত নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰে মাধমাৰ শোধাইছে ৰাইজক । পাচলি ক্ৰয় কৰিবলৈ আহি হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে ।
উল্লেখযোগ্য যে, সমগ্র দেশজুৰি ক'ৰণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰি নিদ্ৰাহৰণ কৰাৰ সময়ত ভূতৰ ওপৰত দানহ পৰা দি কৰা আকাশলংঘী মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে ৰাইজক । এই মহামাৰীৰ সময়ত বজাৰত পাচলিৰ কৃত্ৰিম নাটনি দেখুৱাই একাংশ মধ্যভোগীয়ে শাক-পাচলি মজুত কৰি বেচি দামত বজাৰত বিক্ৰী কৰি অহা পৰিলক্ষিত হৈছে ৷ আন একাংশ বেপাৰীয়ে কৃষকৰ গাঁৱে-গাঁৱে সোমাই কম মূল্যত পাচলি ক্ৰয় কৰি সাধাৰণ গ্ৰাহকৰ ওচৰত অত্যধিক মূল্যত বিক্ৰী কৰাৰ ফলত হাহাকাৰ কৰিবলগা হৈছে ৰাইজে ।
যোগান বিভাগে কোনো ধৰণৰ নিয়ন্ত্ৰণ নৰখা বজাৰসমূহত এইদৰে একাংশ মধ্যভোগী দালালে মাধমাৰ শোধাইছে গ্ৰাহকক । যাৰ বাবে কলগাছিয়া, খৰিচালা, মইনবৰী, জনীয়া, লাংলা, বালিকুৰি, বৰভিটা আদি বজাৰত একেই অৱস্থা । শীঘ্ৰে বজাৰ নিয়ন্ত্ৰণ কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাইছে ভূক্তভোগী ৰাইজে ।
কিছুদিন পূৰ্বে ৰাজ্যখনত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণ দি থকাত বিপাঙত পৰিছিল পাচলি ব্যৱসায়ীসকল । দুই-এজন গ্ৰাহকে বৰষুণৰ মাজতো বজাৰলৈ আহিছিল যদিও পানীৰ দৰত বিক্ৰী কৰিবলগা হৈছে শাক-পাচলি । সমান্তৰালভাৱে দুই-এগৰাকী গ্ৰামাঞ্চলৰ কৃষকে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ বাবে চহৰলৈ গৈছে যদিও গ্ৰাহক নাপাই ১১ বজাৰ লগে লগে ঘৰলৈ উভতিবলগা হৈছে ৷
লগতে পঢ়ক: শোণিতপুৰ জিলাত সম্পূৰ্ণ লকডাউনৰ নাই কোনো সম্ভাৱনা