কলগাছিয়া,২২ আগষ্ট: দেওবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত সংঘটিত হয় এক শোকাৱহ ঘটনা । এটি ন বছৰীয়া শিশুৰ মৃত্যুৰ পাছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়(Shadow of grief over death of a girl child) ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, আমগুৰি গাঁৱৰ আইনাল হকৰ কন্যা আজমিনা খাতুনে পাকঘৰৰ সিকিয়াত ওলমাই থোৱা পাকঘৰৰ পাত্ৰ নমাই আনিবলৈ যাওতেই ভৰি পিছলি সিকিয়াৰ ৰছীত ওলমি পৰে । কাষত ঘৰৰ কোনো লোক নথকাত বহু সময়লৈ ওলমি থকাৰ ফলতে কন্যা শিশুটিৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছে শিশুটিৰ আত্মীয়ই । এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ ।
ঘটনাৰ খবৰ পাই নিশাই আইনাল হকৰ ঘৰত উপস্থিত হয় কলগাছিয়া আৰক্ষী । আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।