ETV Bharat / state

কলগাছিয়াত বন বিভাগৰ অভিযানত জব্দ কাঠফলা মিল - কাঠফলা মিল জব্দ

কলগাছিয়াত বন বিভাগৰ অভিযানত জব্দ দুটাকৈ অবৈধ কাঠফলা মিল,মেচিন আৰু লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷ আনহাতে,আন এক অভিযানত কয়াকুছিৰ পৰা 4 খন অবৈধ বালিৰ ট্ৰেক্টৰ জব্দ কৰে বন বিভাগে ৷

Saw mill seized by Forest Department in Kalgachia
কলগাছিয়াত বন বিভাগৰ অভিযানত জব্দ কাঠফলা মিল
author img

By

Published : Oct 8, 2020, 8:24 PM IST

জনিয়া,8 অক্টোবৰ: বৃহস্পতিবাৰে কলগাছিয়াত বন বিভাগৰ অভিযানত দুটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ হোৱাৰ লগতে জব্দ হৈছে মেচিনসহ লক্ষাধিক টকাৰ সা-সামগ্ৰী । বঙাইগাঁও জিলা বন সংমণ্ডলৰ প্ৰাধিকাৰী দীপক ডেকা,সহকাৰী বন সংৰক্ষক অশোক দেৱ চৌধুৰী,বৰপেটা ৰোড আঞ্চলিক বনবিভাগৰ বন বিষয়া জয়ন্ত দাস আৰু ৰঙিয়া প্ৰটেক্চনৰ বন বিষয়াৰ এটা শক্তিশালী দলে অভিযান চলাই জনতা আৰু ৰামপুৰৰ পৰা জব্দ কৰে সামগ্ৰীসমূহ ৷

Saw mill seized by Forest Department in Kalgachia
কলগাছিয়াত বন বিভাগৰ অভিযানত জব্দ কাঠফলা মিল

ইফালে বন বিভাগৰ আন এক অভিযানত জিলাখনৰ কয়াকুছিৰ পৰা 4 খন অবৈধ বালিৰ ট্ৰেক্টৰ জব্দ হয় । আগলৈও বন বিভাগৰ এই অভিযান চলি থাকিব আৰু অবৈধ মাটি খন্দা,অবৈধ কাঠফলা মিল আৰু চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে বন বিভাগ অধিক কঠোৰ হ’ব বুলি বন বিষয়াই সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ডিমা হাছাওক মুছলমান মুক্ত কৰাৰ হুংকাৰ দেৱলাল গাৰ্লোচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.