ETV Bharat / state

জনীয়াত বন বিভাগৰ অভিযান: জব্দ মেচিনসহ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা - জনীয়াত বন বিভাগৰ অভিযান

সোমবাৰে জনীয়া সমষ্টিৰ খাজাট্ৰাৰীত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ হোৱাৰ লগতে জব্দ হয় কাঠফলা মেচিনসহ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা ৷ এই অভিযান আৰু অধিক তীব্ৰতৰ হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে ৷

Sawmill and illegal wood seized in Jania
জনীয়াত বন বিভাগৰ অভিযান
author img

By

Published : Oct 12, 2020, 9:21 PM IST

জনীয়া,12 অক্টোবৰ: বৰপেটাৰ জনীয়া সমষ্টিৰ খাজাট্ৰাৰীত সোমবাৰে বন বিভাগে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গাঁওখনৰ পৰা উচ্ছেদ কৰে এটা অবৈধ কাঠফলা মিলৰ ভেটি আৰু মিলটোৰ পৰা জব্দ কৰে কাঠফলা মেচিনসহ 6 লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা ৷

উল্লেখ্য যে, বন বিভাগৰ এই অভিযান কালত বন বিভাগৰ মুখ্য বন সংৰক্ষক,CACৰ নিৰ্দেশ মৰ্মে উত্তৰ কামৰূপ বনসংমণ্ডলৰ তত্বাৱাধানত আৰু ৰঙিয়া বনসংমণ্ডলৰ সহকাৰী বনসংক্ষকৰ সহযোগত বৰপেটা ৰোড বনাঞ্চলীক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলৰ লগতে ৰঙিয়া প্ৰটেক্চন ৰেঞ্জাৰ আৰু সুৰক্ষা বাহিনীয়ে সহযোগিতা আগবঢ়ায় ৷

Sawmill and illegal wood seized in Jania
জনীয়াত বন বিভাগৰ অভিযান

বন বিভাগৰ এই অভিযান আৰু অধিক তীব্ৰতৰভাৱে গঢ়ি তোলা হ’ব বুলি বন বিষয়াই জানিবলৈ দিয়ে । এইক্ষেত্ৰত অবৈধ কাঠফলা মিল,চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব ।

ইয়াৰোপৰি বৰপেটাৰ কলগাছিয়া,মইনবৰী,জনতা,বাঘবৰ,সৰভোগ,কয়াকুছি আদি অঞ্চলতো অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলি থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: চিৰিয়াখানাত গো-মাংস নিষিদ্ধকৰণক কেন্দ্ৰ কৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.