ETV Bharat / state

কলগাছিয়াৰ খাৰবাল্লীত সেচ্ছাসেৱী সংগঠনৰ বান সাহাৰ্য বিতৰণ - পৰাগ কুমাৰ দাস চৰ লাইব্ৰেৰী

অগ্ৰণী সেচ্ছাসেৱী সংগঠন তথা পৰাগ কুমাৰ দাস চৰ লাইব্ৰেৰী এণ্ড ৰিচাৰ্জ ছেন্টাৰ নামৰ সেচ্ছাসেৱী সংগঠনৰ টোৰ সদস্য সকলৰ বানাক্ৰান্ত লোক সকলৰ মাজত সাহাৰ্য বিতৰণ কৰে ৷

Relief Distribution By Agrani NGO At Jania
কলগাছিয়াৰ খাৰবাল্লীত সেচ্ছাসেৱী সংগঠনৰ বান সাহাৰ্য বিতৰণ
author img

By

Published : Aug 16, 2020, 5:31 PM IST

জনীয়া, 16 আগষ্টঃ ৰাজ্যত দীৰ্ঘ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঠিক একেদৰে বৰপেটা জিলাতো বানত হাজাৰ-হাজাৰ লোকৰ ঘৰ দুৱাৰৰ লগতে লক্ষাধিক পশুধনকে আদি কৰি বহু সা-সম্পত্তি নষ্ট হৈছে ৷ ইফালে জিলাখনত বহু অঞ্চলৰ লোকে ঘৰ-দুৱাৰ উচন হোৱাত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷ ইফালে আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোক সকলে খাদ্য সামগ্ৰীকে ধৰি বহু সমস্যাত পৰিবলগীয় হৈছে ৷ আনহাতে চৰকাৰ প্ৰশাসনে ৰাজ্যৰ বানাক্ৰান্ত লোক সকলক বান সাহাৰ্য প্ৰদান কৰে ৷

কলগাছিয়াৰ খাৰবাল্লীত সেচ্ছাসেৱী সংগঠনৰ বান সাহাৰ্য বিতৰণ

একেদৰে কলগাছিয়াৰ খাৰবাল্লীত অগ্ৰণী সেচ্ছাসেৱী সংগঠন তথা পৰাগ কুমাৰ দাস চৰ লাইব্ৰেৰী এণ্ড ৰিচাৰ্জ ছেন্টাৰ নামৰ এক ট্ৰাষ্টৰ উদ্যোগত দেওবাৰে কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত খাৰবাল্লী, সুতিৰপাথাৰ, ডাউকমাৰী আদি গাঁৱৰ অৰ্ধ শতাধিক বানাক্ৰান্ত লোকৰ মাজত চাউল, ডালি, চেনি, নিমখ, চেনিটাৰী পেড, মিঠাতেল, চয়াবিন আদি খাদ্য সামগ্ৰী বিতৰণ কৰে।

ট্ৰাষ্টৰ সদস্য মাজিদুৰ ৰহমানে জানিবলৈ দিয়া মতে, সংস্থাটোৱে লক ডাউনৰ পৰা আৰম্ভ কৰি বানৰ সময়চোৱাত প্ৰায় তিনি সহস্ৰাধিক দূৰ্গত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিছে । অনাগত দিনতো ৰাইজৰ বাবে স্বাস্থ্য শিবিৰকে আদি কৰি ৰাইজক যিকোনো পৰিস্থিতিতে ৰাইজলৈ সহায় সহযোগ আগবঢ়াব বুলি মন্তব্য কৰে সংগঠনটোৰ সদস্য সকলে ।

লগতে পঢ়ক- সুখবৰ: আজিৰে পৰা ভক্তৰ বাবে মুকলি বৈষ্ণু দেৱী মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.