ETV Bharat / state

সমষ্টিত ৰণজিৎ দাসক উষ্ম আদৰণি

author img

By

Published : Mar 10, 2021, 6:55 PM IST

Updated : Mar 10, 2021, 7:12 PM IST

প্ৰাৰ্থিত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে ৰণজিৎ দাস উপস্থিত সমষ্টিত । টিহুৰ সমীপৰ নাথকুছিৰ শিৱ মন্দিৰত সেৱা জনাই দাসে এক ৰেলীত অংশ লয় ।

সমষ্টিত ৰণজিৎ দাসক উষ্ম আদৰণি
সমষ্টিত ৰণজিৎ দাসক উষ্ম আদৰণি

বৰপেটা,১০ মাৰ্চ: অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজনৈতিক দল সমূহৰ ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা হৈছে । লগে লগে প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে তৃণমূল কৰ্মীসকলৰ ব্যস্ততা । ঠায়ে ঠায়ে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে লগতে ৰেলী প্ৰদৰ্শন অব্যাহত আছে । বুধবাৰে টিহুৰ নাথকুছি চ’কতো ৰেলী প্ৰদৰ্শন বিজেপিৰ ।

বৰপেটা জিলাৰ পাটাছাৰকুছি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি প্ৰথমবাৰৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে টিহুৰ নাথকুছি চ’কত উপস্থিত হয় । দাস উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় সমষ্টিবাসী আৰু সমৰ্থকসকলে ।

নাথকুছি চ’কত সমষ্টিটোৰ সহস্ৰাধিক ৰাইজ আৰু বিজেপি কৰ্মীয়ে উষ্ম আদৰণি জনায় ৰণজিৎ দাসক । শিৱ মন্দিৰত সেৱা জনাই ৰণজিৎ দাসে এক ৰেলীত অংশ লোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কয় যে, দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই একেজন ৰণজিৎ দাস হৈ কাম কৰক । এটা দলৰ নহয়, সৰ্ব সাধাৰণ জনতাৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দাসে । এতিয়াৰে পৰা কেৱল উন্নয়নৰ বন্যা বব পাটাছাৰকুছি সমষ্টিত ।

লগতে পঢ়ক: পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা

Last Updated : Mar 10, 2021, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.