ETV Bharat / state

কৃত্ৰিম বানত জুৰুলা কলগাছিয়া: সাংসদ খালেকৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ - কৃত্ৰিম বানত জুৰুলা কলগাছিয়াবাসী

কলগাছিয়াত কৃত্ৰিম বানৰ ভংয়কৰ ৰূপ ৷ কালভাৰ্ট খোলাৰ দাবীত পানীত নামি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে (Locals protest at Kalgachia) । অন্যথা সাংসদ আব্দুল খালেকৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীৰ ৷

Kalgachia Public Protest
Kalgachia Public Protest
author img

By

Published : Jun 22, 2022, 7:50 PM IST

কলগাছিয়া, 22 জুন : কৃত্ৰিম বানত জুৰুলা হৈছে কলগাছিয়াবাসী (Artificial floodat Klagachia) ৷ কালভাৰ্ট খোলাৰ দাবীত পানীত নামি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে (Locals protest at Kalgachia) ।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কান্দুলীয়া গাঁৱৰ এটা কালভাৰ্ট খোলাৰ দাবীত শতাধিক পুৰুষ-মহিলাই পানীত নামি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অঞ্চলটোৰ প্ৰায় 5 শতাধিক পৰিয়ালক বিপদত পেলাই কান্দুলীয়া চ'কত থকা এটা কালভাৰ্ট বন্ধ কৰি ৰখা হৈছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

আব্দুল খালেকৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ

বিগত 6 মাহ পৰ্যন্ত কৃত্ৰিম বানপানীৰ কষ্ট সহিবলগীয়া হৈছে অঞ্চলটোৱে ৷ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ যাবলৈ হ'লেও কাপোৰ সলাই যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ ইয়াৰোপৰি এই কৃত্ৰিম বানত লোকসকলৰ পশুধনৰো যথেষ্ট ক্ষতি হৈছে ৷ পানী আৱদ্ধ হৈ থকাৰ ফলত বেমাৰ আজাৰত আক্ৰান্ত হৈছে বানাক্ৰান্ত লোকসকল ৷

এই নৰক যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু জিলা প্ৰশাসনক ভুক্তভোগী ৰাইজে লিখিত আবেদন জনাইছিল যদিও এই বিষয়ত প্ৰশাসনে কোনো ধৰণৰ কাণসাৰ নিদিলে বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

অনাগত এসপ্তাহৰ ভিতৰত কালভাৰ্টটো খুলি ৰাইজক দুৰ্ভোগৰ পৰা ৰক্ষা কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে প্ৰতিবাদকাৰী ৰাইজে ৷ অন্যথা এই আন্দোলন ইয়াতকৈ ভয়াবহ কৰি তোলাৰ লগতে সাংসদ আব্দুল খালেকৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে ৰাইজে ৷

লগতে পঢ়ক : মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মাজুলীবাসীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.