কলগাছিয়া, ২৩ মাৰ্চ: কলগাছিয়া ৰাজহ চক্ৰত CPIMৰ বিক্ষোভ কাৰ্য্যসূচী । বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান । এক সপ্তাহৰ ভিতৰত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অনিৰ্দিষ্টকাললৈ অৱস্থান ধৰ্মঘটৰ ভাবুকি ।
CPIM ৰ কলগাছিয়া স্থানীয় কমিটিৰ উদ্যোগ আৰু খহনীয়াগ্ৰস্থ ৰাইজৰ সহযোগত বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আজি বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি কলগাছিয়া ৰাজহচক্ৰৰ চৌহদ উত্তাল কৰি তোলে (Protest on demanding prevention of erosion) । বিক্ষোভকাৰী সকলে কলগাছিয়া চাৰিআলি চ'কৰ পৰা সমদল কৰি হাতে হাতে বেনাৰ লৈ ৰাজহচক্ৰৰ কাৰ্যালয়ত উপস্থিত হয় ।
বিক্ষোভকাৰী সকলে "গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক, খহনীয়াগ্ৰস্ত ৰাইজক ৰক্ষা কৰক, গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হোৱা নাই কিয় জবাব দিয়ক" আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াৰ জড়িয়তে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে ।