ETV Bharat / state

Sick Satradhikar Basistha Dev Sarma : বুঢ়াসত্ৰীয়াৰ আশু আৰোগ্য কামনাৰ্থে মাজুলীত প্ৰাৰ্থনা সভা

author img

By

Published : Oct 21, 2022, 3:27 PM IST

অতি সংকটজনক অৱস্থাত GMCH ত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা (Satradhikar Basistha Dev Sarma admitted in GMCH) ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিন্তিত হৈ পৰিছে ৰাজ্যৰ সত্ৰীয় সমাজ কিম্বা সাধাৰণ জনগণ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখিয়াকৈ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ আশু আৰোগ্য কামনা কৰি মাজুলীৰ নতুন চামগুৰি সত্ৰতো ভকত-বৈষ্ণৱসকলে নেদেখাজনৰ শ্ৰীচৰণত শৰণাপন্ন হৈছে ৷

Sick Satradhikar Basistha Dev Sarma
বুঢ়াসত্ৰীয়াৰ আশু আৰোগ্য কামনাৰ্থে মাজুলীত প্ৰাৰ্থনা সভা

মাজুলী, 21 অক্টোবৰ : ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ (Basistha Dev Sarma health is deteriorating)৷ বৰ্তমানো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (GMCH) চিকিৎসকৰ নিৰিক্ষণত আছে সত্ৰাধিকাৰগৰাকী ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত চিন্তিত হৈ পৰিছে ৰাজ্যৰ সত্ৰীয় সমাজ কিম্বা সাধাৰণ জনগণ ৷

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্যৰ উন্নতি তথা আশু আৰোগ্যৰ কামনাৰ্থে এতিয়া সকলোৱে নেদেখাজনৰ শৰণ লৈছে ৷ বিগত কেইদিনৰ দৰে শুকুৰবাৰেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ আশু আৰোগ্য কামনাৰ্থে মাজুলীৰ নতুন চামগুৰিত সত্ৰত চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছে সত্ৰাধীকাৰ তথা ভকত-বৈষ্ণৱসকলে ৷

আনহাতে, বৃহস্পতিবাৰে দিনৰ ভাগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ গৈ বুজ লয় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্যৰ অৱস্থা (Assam CM visits GMCH to take stoke of Satradhikar Basistha Dev Sarma) ৷

ইয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তলাপত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য সম্প্ৰতি জটিল হৈ আছে যদিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে যথাসম্ভৱ সকলো উন্নত চিকিৎসা সেৱা আগবঢ়াই আছে ।

লগতে পঢ়ক : Basistha Dev Sarma health is deteriorating: ক্ৰমাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা

উল্লেখ্য যে, শাৰীৰিক অসুস্থতাৰ বাবে বিগত ১০ অক্টোবৰৰ পৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীক (Satradhikar Basistha Dev Sarma admitted in BMCH) ৷ তাৰ পাছত উন্নত চিকিৎসাৰ বাবে ১১ অক্টোবৰত বুঢ়াসত্ৰীয়াগৰাকীক GMCH লৈ প্ৰেৰণ কৰা হয় (Satradhikar Basistha Dev Sarma admitted in GMCH)৷

বৰ্তমানেও GMCH এ চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকী (Satradhikar Basistha Dev Sarma) ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত বুঢ়াসত্ৰীয়াগৰাকীক নিয়মীয়াভাৱে চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে (Sick Satradhikar Basistha Dev Sarma) ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ আশু আৰোগ্যৰ বাবে বৰপেটা সত্ৰবাসীৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনেও নেদেখাজনৰ শ্ৰীচৰণত আঠু লৈছে ৷

লগতে পঢ়ক : Basistha Dev Sarma health is deteriorating: বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য সম্প্ৰতি জটিল হৈ আছে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.