ETV Bharat / state

জৰাজীৰ্ণ দলঙৰ পৰা চাইকেলসহ নদীত পৰিল এগৰাকী ছাত্ৰ

author img

By

Published : Nov 2, 2021, 6:17 PM IST

এখন কাঠৰ দলঙৰ পৰা চাইকেলসহ এগৰাকী ছাত্ৰ নদীত বাগৰি পৰা ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ছাত্ৰ গৰাকী আমগুৰি গাঁৱৰ নুৰুল ইছলামৰ পুত্র আশিক আহমেদ বুলি জানিব পৰা গৈছে ।

poor condition of bridge made a student seriously injured
জৰাজীৰ্ণ দলঙৰ পৰা চাইকেলসহ নদীত পৰিল এগৰাকী ছাত্ৰ

জনীয়া, 2 নৱেম্বৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰিলৈ যোৱা পথত থকা এখন কাঠৰ দলঙৰ পৰা চাইকেলসহ এগৰাকী ছাত্ৰ নদীত বাগৰি পৰা ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ছাত্ৰ গৰাকী আমগুৰি গাঁৱৰ নুৰুল ইছলামৰ পুত্র আশিক আহমেদ বুলি জানিব পৰা গৈছে ।

স্কুলৰ পৰা চাইকেলেৰে নিজ ঘৰ অভিমুখে গৈ থকা অৱস্থাত সংগঠিত হয় এই দুৰ্ঘটনা । প্ৰায় ৫ বছৰ পূৰ্বে দলংখন নিৰ্মাণ কৰিছিল যদিও সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰাত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: অভিলেখ সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে ভৱানীপুৰৰ বিধায়ক হ'ল ফণী তালুকদাৰ

উল্লেখ্য যে, ৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা কাঠৰ দলংখন ভাঙি যোৱাত দুবাৰকৈ মেৰামতি কৰিছিল যদিও পুনৰ জৰাজীৰ্ণ হৈ পৰিছে দলংখনৰ অৱস্থা ৷ বাইক বা মানুহ উঠিলেই ভূমিকম্প অহাৰ দৰে কঁপি থাকে দলংখন । এক আতংকত দলংখনৰ ওপৰে যাতায়ত অব্যাহত ৰাখিছে ৰাইজে ৷

তদুপৰি, দলংখনৰ এনে অৱস্থাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে এটা বৃহৎ অঞ্চল ৷ এম্বুলেন্সৰ বাহন দলংখনৰ ওপৰে আহিব নোৱাৰাৰ ফলত কান্ধত নাইবা ঠেলা-ৰিক্সাৰে অনা-নিয়া কৰিব লগা হয় ৰোগী । যাৰ ফলত কলগাছিয়া, আমগুৰি আদি গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে । সেইবাবে শীঘ্ৰে দলংখন পকীকৰণৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক: তামুলপুৰত নিশ্চিত বিজয়ৰ দিশে ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.