ETV Bharat / state

ধিঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এগৰাকী মহিলাৰ - জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংহাৰী ৰূপ

ৰাজ্যত জাপানীজ এনকেফেলাইটিছে সৃষ্টি কৰিছে আতংকৰ ৷ এনকেফেলাইটিছত আক্ৰান্ত হৈ বিগত ৮ জুনৰ পৰা চিকিৎসাধীন হৈ মঙলবাৰে মৃত্যুক সাৱতি লয় ধিঙৰ এগৰাকী মহিলাই ৷

জাপানীজ এনকেফেলাইটিছে সৃষ্টি কৰিছে আতংকৰ
author img

By

Published : Jul 2, 2019, 11:25 PM IST

বটদ্ৰৱা, 2 জুলাই : জাপানীজ এনকেফেলাইটিছে ৰাজ্যজুৰি সৃষ্টি কৰিছে আতংকময় পৰিস্থিতিৰ ৷ ইতিমধ্যে ৰাজ্যজুৰি এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱতিছে প্ৰায় 30 গৰাকীকৈ লোকে ৷ মঙলবাৰে এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটে ধিঙৰ লাকলঙীয়া গাঁৱৰ বীনা বৰা নামৰ এগৰাকী মহিলাৰ । বিগত ৮ জুনৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মহিলাগৰাকীয়ে আজি মৃত্যুক সাৱতি লয় ৷

জাপানীজ এনকেফেলাইটিছে সৃষ্টি কৰিছে আতংকৰ

উল্লেখ্য যে, ধিং অঞ্চলত সম্প্ৰতি এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও এই পৰ্যন্ত সংশ্লিষ্ট অঞ্চলসমূহলৈ অহা নাই ধিং এফ আৰু ইউৰ চিকিৎসা বিষয়াৰ দল । তদুপৰি বৰ্তমানলৈকে নগাঁও জিলা স্বাস্থ্য বিভাগেও অঞ্চলটোত কোনো ধৰণৰ প্ৰতিষেধক ব্যৱস্থা হাতত লোৱা নাই । অঞ্চলটোৰ লোকে বাৰে বাৰে স্বাস্থ্য বিভাগক জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াত আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকলে ।

Intro:জাপানীজ এনকেফ্লাইটিছ ৰোগত অাক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ধিঙৰ এগৰাকী মহিলাই।Body:জাপানীজ এনকেফ্লাইটিজ ৰোগত অাক্ৰান্ত হৈ আজি মৃত্যু হয় ধিঙৰ লাকলঙীয়া গাঁৱৰ বীনা বৰা নামৰ এগৰাকী মহিলাৰ। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ধিং অঞ্চলত । যোৱা ৮ জুনৰ পৰাই গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ অাছিল অাক্ৰান্ত মহিলা বীনা বৰা। কিন্তু ২৪টা দিনে মৃত্যুৰে যুজিঁ যুজিঁ আজি বিয়লি মহিলা গৰাকীয়ে মৃত্যুক সাবটি লয়। অাজি মহিলা গৰাকীৰ মৃতদেহ ঘৰ অাহি পোৱাৰ লগে লগে শোকত ভাগি পৰে পৰিয়াল তথা অঞ্চলটোৰ ৰাইজ। উল্লেখ্য যে, ধিং অঞ্চলত সম্প্ৰতি এই ৰোগে ভয়বহ ৰূপ ধাৰণ কৰিছে যদিও এই পৰ্যন্ত সংশ্লিষ্ট অঞ্চল সমূহত ভূমুকি মাৰিবলৈ আহৰি পোৱা নাই ধিং এফ আৰু ইউৰ চিকিৎসা বিষয়াৰ দল। তদুপৰি নগাওঁ জিলাৰ স্বাস্থ্য বিভাগে অঞ্চলটোত কোনো ধৰনৰ প্ৰতিষেধক ব্যৱস্থা হাতত লোৱা নাই বৰ্তমানলৈকে। অঞ্চলটোৰ লোকে বাৰে বাৰে স্বাস্থ্য বিভাগক জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াত অাতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল। ধিং এফ আৰু ইউ মহকুমা স্বাস্থ্য বিষয়াৰ চৰম অকমন্যতাৰ বাবেই বিভিন্ন সময়ত চিকিৎসালয়লৈ অহা ৰোগীয়ে দুৰ্ভোগ ভোগি আহিব লগাত পৰিছে। আনকি বিগত সময়ছোৱাতো এই ৰোগক লৈ প্ৰতিষেধৰ সামান্তৰালকৈ যেনে ধৰণৰ তৎপৰতা গ্ৰহণ কৰিব লাগিছিল সেয়া কিন্তু বৰ্তমানেও পৰিলক্ষিত হোৱা নাই। ধিং মহকুমা স্বাস্থ্য বিষয়াক ভূক্তভোগী বহু লোকে বিগত সময়ছোৱাত অভিযোগ দি আহিছে যদিও তেওঁ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰত্বৰ অভিযোগ উঠিছে। এয়াই যেন ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগটোৰ প্ৰকৃত স্বৰূপ।____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.