ETV Bharat / state

বৰপেটাত আটক ট্ৰাক অপহৰণকাৰী দুধৰ্ষ ডকাইত

31নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক অপহৰণ কৰা দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ সৰভোগ আৰক্ষীৰ ৷ আটকাধীন দুধৰ্ষ ডকাইতটোৰ নাম ৰফিৰ মোল্লা ৷

বৰপেটাত আটক ট্ৰাক অপহৰণকাৰী দুধৰ্ষ ডকাইত
author img

By

Published : Nov 12, 2019, 5:36 PM IST

Updated : Nov 12, 2019, 7:52 PM IST

বৰপেটা,12 নৱেম্বৰ : 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক অপহৰণ কৰা দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে সৰভোগ আৰক্ষীয়ে ৷ আটকাধীন দুধৰ্ষ ডকাইতটোৰ নাম ৰফিৰ মোল্লা ৷ বৰপেটাত ত্ৰাস সৃষ্টি কৰা ডকাইতৰ দলটোৰ পৰা এজনক আটক কৰি এখন বলেৰ' জব্দ কৰিবলৈ সক্ষম হয় যদিও দলটোৰ চাৰিটা ডকাইত পলাবলৈ সক্ষম হয় ৷ নিশা ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহণ বিভাগৰ পৰিদৰ্শক নতুবা চি আই ডিৰ মানুহ বুলি পৰিচয় দি বৰপেটাৰ ভিন্ন ঠাইত দীৰ্ঘদিন ধৰি ট্ৰাক অপহৰণ কৰি আহিছিল ডকাইতৰ দলটোৱে ৷ সোমবাৰে নিশা এক গোপন সূত্ৰৰ ভিত্তিত সৰভোগ আৰক্ষীয়ে অভিযান চলাই ডকাইতৰ দলটোক অনুসৰণ কৰি এজনক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা ডকাইত টোৰ পৰা AS-15K-9773 নম্বৰৰ বলেৰ' গাড়ী জব্দ কৰাৰ লগতে গাড়ীখনৰ ভিতৰত AS-01DE-0348 নম্বৰৰ এখন ভুৱা নম্বৰপ্লেটসহ বিভিন্ন বয়-বস্তু উদ্ধাৰ কৰে ৷ ডকাইতটোৰ ঘৰ মাণিকপুৰৰ নয়াগাঁও বুলি জানিব পৰা গৈছে ৷ পলায়ন কৰা আন চাৰিজন ডকাইত ক্ৰমে আয়নাল হক,(কলগাছিয়া) নুৰ ইছলাম(ভাণ্ডাৰা) নুৰ মহম্মদ (কোকিলা) আৰু চিৰাজুল ইছলাম (ভাণ্ডাৰা) ৷ আৰক্ষীয়ে পলায়ন কৰা ডকাইত কেইটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

বৰপেটাত আটক ট্ৰাক অপহৰণকাৰী দুধৰ্ষ ডকাইত

আৰু পঢ়ক : পাণ্ডুত উদ্ধাৰ অৰ্ধগলিত অচিনাক্ত মৃতদেহ

Intro:বৰপেটাৰোড ১২ নবেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক হাইজেক কৰি বৰপেটাত ত্ৰাসৰ সৃষ্টি কৰা এজন দুৰ্ধৰ্ষ ডকাইত সহ এখন বলেৰ' গাড়ী সৰভোগ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দুৰ্ধৰ্ষ ডকাইত জনৰ নাম ৰফিৰ মোল্লা (৩৭) ৷ আন চাৰিজন দুৰ্ধৰ্ষ ডকাইতৰ দলে পলায়ন কৰিবলৈ সক্ষম হয় ৷ দুৰ্ধৰ্ষ ডকাইত ৰফিৰ মোল্লাৰ ঘৰ মানিকপুৰৰ নয়াগাও বুলি জানিব পৰা গৈছে ৷Body:৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা হলেই নিজকে কেতিয়াবা পৰিবহণ বিভাগৰ পৰিদৰ্শক নতুবা চি আই ডিৰ মানুহ বুলি পৰিচয় দি বৰপেটা ভিন্ন ঠাইত দীৰ্ঘদিন ধৰি ট্ৰাক হাইজেক কৰি আহিছিল ডকাইতৰ দলটিয়ে ৷ বৰপেটা আৰক্ষীৰ মূৰৰ কামোৰনি হৈ পৰা এই বৃহৎ ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই আহিছিল আৰক্ষীয়ে ৷ সোমবাৰে নিশা এক গোপন সুত্ৰৰ ভিত্তিত সৰভোগ আৰক্ষীয়ে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ট্ৰাক হাইজেক কৰা ডকাইতৰ দলটোক পিছা কৰে ৷সৰভোগ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিঠাৰ পৰা পাচজনীয়া ডকাইতৰ দলটোৰ এজন দুৰ্ধৰ্ষ ডকাইত ৰফিৰ মোল্লাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন চাৰিজন দুৰ্ধৰ্ষ ডকাইত আন্ধাৰৰ সুযোগ লৈ পলাই যায় ৷ আৰক্ষীয়ে আটক কৰা ডকাইত জনৰ পৰা AS 15 K 9773 নম্বৰৰ বলেৰ' গাড়ী জব্দ কৰাৰ লগতে গাড়ীখনৰ ভিতৰত AS 01 DE 0348 নম্বৰৰ এখন ভুৱা নম্বৰপ্লেট, কিছু কাপোৰকাণিকে ধৰি বিভিন্ন বয় বস্তু উদ্ধাৰ কৰে ৷ সৰভোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত জনৰ ঘৰ মানিকপুৰৰ নয়াগাও বুলি জানিব পৰা গৈছে ৷ পলায়ন কৰা আন চাৰিজন ডকাইত ক্ৰমে আয়নাল হক (কলগাছিয়া) নুৰ ইছলাম (ভাণ্ডাৰা ) নুৰ মহম্মদ (কোকিলা) আৰু চিৰাজুল ইছলাম (ভাণ্ডাৰা )
সৰভোগ আৰক্ষীয়ে পলায়ন কৰা ডকাইত কেইজনৰ সন্ধান অব্যাহত ৰাখিছে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Last Updated : Nov 12, 2019, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.