বৰপেটা, 21 এপ্ৰিল : দেশৰ লগতে ৰাজ্যত পুনৰ বৃদ্ধি পোৱা ক’ভিড -19 ৰ সংক্ৰমণক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন ৷ ক’ভিডক লৈ চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাৰ পাছতে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৰপেটাতো মঙলবাৰে সন্ধিয়া 6 বজাৰ পৰা বন্ধ হৈ পৰে সকলো দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ৷

ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি, জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে, মঙলবাৰৰ দিনটোত বৰপেটাত ক’ভিড-19 ত আক্ৰান্ত হৈছে 45 গৰাকী লোক ৷ সম্প্ৰতি জিলাখনত আক্ৰান্তৰ সংখ্যা 207 গৰাকীলৈ বৃদ্ধি পাইছে ৷
লগতে পঢ়ক : ৰঙিয়াত মাইকযোগে ক’ৰণাৰ সজাগতাৰ সৃষ্টিৰ চেষ্টা আৰক্ষীৰ