ETV Bharat / state

চিকিৎসকৰ চহী নিজেই কৰি ৰঙা ঘৰত কমল - চিকিৎসকৰ জাল চহী

সময়ে সময়ে জালিয়াতিৰে বিভিন্নজনে সংবাদ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ চিকিৎসকৰ পৰিচয়ৰ চীল-মোহৰ, চহী জালিয়াতিৰে আৰক্ষীৰ জালত পৰিল কমল ৷

man-arrested-for-allegedly-issuing-fake-certificates-of-doctors
চিকিৎসকৰ চহী নিজেই কৰি ৰঙা ঘৰত কমল
author img

By

Published : Sep 7, 2021, 9:31 PM IST

বৰপেটা, ৭ ছেপ্টেম্বৰ: বৰপেটাত চিকিৎসকৰ জাল প্ৰমান পত্ৰ প্ৰদানৰ অভিযোগত এজনক গ্ৰেপ্তাৰ ৷ জানিব পৰা মতে, কমল ডেকা নামৰ এজন যুৱকে ডাঃ ইকবাল হুছেইনৰ চহী আৰু চীল মোহৰ ব্যৱহাৰ কৰি প্ৰদান কৰি আহিছিল শাৰিৰীক সক্ষমতাৰ প্ৰমাণ পত্ৰ ৷ ধৃত কমল ডেকাৰ ঘৰ নলবাৰী জিলাৰ ৰামপুৰত বুলি জানিব পৰা গৈছে ৷

দীৰ্ঘদিন ধৰি চিকিৎসক গৰাকীৰ চহী আৰু চীল মোহৰ ব্যৱহাৰ কৰি বিভিন্ন লোকক শাৰিৰীক সক্ষমতাৰ প্ৰমাণপত্ৰ ( Physical fitness certificate ) প্ৰদান কৰি আহিছিল কমল ডেকা নামৰ এই যুৱকজনে ৷ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ(Driving lisence)ৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন হোৱা শাৰিৰীক সক্ষমতাৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত কমল ডেকাই ডাঃ ইকবাল হুছেইনৰ নাম ব্যৱহাৰ কৰি বৰপেটাত চলাই আহিছিল এই অবৈধ ব্যৱসায় ৷ শেহতীয়াকৈ একাংশ যুৱকে আৰক্ষীক এই সম্পৰ্কে অৱগত কৰে ৷

চিকিৎসকৰ চহী নিজেই কৰি ৰঙা ঘৰত কমল

অৱশেষত মঙলবাৰে, যুৱক সকলৰ অভিযোগৰ ভিত্তিত গাড়ী চালনাৰ বাবে প্ৰয়োজন হোৱা শাৰিৰীক সক্ষমতাৰ প্ৰমান পত্ৰ প্ৰদানৰ ক্ষেত্ৰত কমল ডেকাই ডাঃ ইকবাল হুছেইন নামৰ চিকিৎসক গৰাকীৰ চহী আৰু চীলমোহৰ ব্যৱহাৰ কৰি প্ৰমানপত্ৰ প্ৰদান কৰি থকা অৱস্থাতে কমল ডেকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

লগতে পঢ়ক : সংৰক্ষিত গঁড়ৰ খড়্গ জ্বলাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ক’লেও নামানে জুবিন গাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.