জনীয়া, 3 অক্টোবৰ: ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ নতুন সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ । পূৰ্বৰ সভাপতি ৰফিক ভূঞাৰ বিৰুদ্ধে অনাস্থা ভোটত বিজয়ী দহ পঞ্চায়ত সদস্য। নতুন সভাপতিৰ দায়িত্ব পালে মহৰ আলীয়ে ।
বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ নতুন ভাৰপ্ৰাপ্ত সভাপতি মহৰ আলীক শনিবাৰে আনুষ্ঠানিক ভাবে দায়িত্বভাৰ অৰ্পণ কৰা হয় ।
উল্লেখযোগ্য যে, পূৰ্বৰ নিৰ্বাচিত সভাপতি ৰফিক ভূঞাৰ বিৰুদ্ধে পঞ্চায়ত খনৰে ১০ গৰাকী সদস্য-সদস্যাই ১২ দফীয়া অভিযোগৰ ভিত্তিত যোৱা ১৭ আগষ্টত গ্ৰহণ কৰিছিল অনাস্থা প্ৰস্তাৱ । উক্ত অনাস্থা প্ৰস্তাৱৰ ভিত্তিত গণতান্ত্ৰিক পদ্ধতিৰে গোপন বেলটৰ জৰিয়তে ভোট গ্ৰহণ কৰি ৰফিক ভূঞাৰ বিৰুদ্ধে অনাস্থা কাৰ্যকৰী কৰা হৈছিল ।
সেয়ে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে আজি কলগাছিয়া ১ নং ৱাৰ্ডৰ সদস্য তথা উপ সভাপতি মহৰ আলীক আনুষ্ঠানিক ভাৱে ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় । অনুষ্ঠানত বিভিন্নজনে সম্বৰ্ধনা জ্ঞাপন কৰে নতুন পঞ্চায়ত সভাপতি মহৰ আলীক ।
লগতে পঢ়ক : গোৱালপাৰাত অবৈধ কাঠ আৰু কাঠফলা মিল জব্দ