জনীয়া, 13 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ব্যাপক তালাচী অভিযান গঢ়ি তুলিছে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শুকুৰবাৰে জনীয়া সমষ্টিৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ব্যাপক তালাচী অভিযান চলাই ৷
নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি শুকুৰবাৰে সমষ্টিটোৰ কলগাছিয়া, টি এন ডি, বামুন্টাৰী, গুনীয়াগুৰি আদি অঞ্চলৰ ৰাজপথত পুনাৰ পৰা সন্ধিয়ালৈকে আৰক্ষীয়ে প্ৰতিখন চাৰিচকীয়া বাহনত তন্ন তন্নকৈ তালাচী অভিযান চলোৱা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি আৰক্ষী বিভাগ সষ্টম হৈ উঠিছে ৷ মূলতঃ এই বাহনসমূহে যাতে কোনো আপত্তিজনক সামগ্ৰী সৰহবৰাহ কৰিব নোৱাৰে আৰু লগতে ভোটাৰৰ মন যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই তালাচী অভিযান চলোৱা হৈছে ৷
27 মাৰ্চৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পৰিৱৰ্তে 1 আৰু 6 এপ্ৰিলত ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷
লগতে পঢ়ক: শিলচৰত বৃহৎ পৰিমাণৰ ধন আৰু সুৰা জব্দ