ETV Bharat / state

জনীয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউলৰ নামত দুৰ্নীতিৰ অভিযোগ - বৰপেটাৰ জনীয়াত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পশ্চিম জনীয়া সমবায় সমিতিৰ অধিনস্ত বি এছ এম ২২/২০০৩/২৫৮/৫৯ নম্বৰৰ সূলভ মূল্যৰ দোকানী ওচমান আলীয়ে কাৰ্ড নথকা গ্ৰাহককো চাউলৰ যোগান ধৰি আহিছে । এই চাউলসমূহ দোকানীজনে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।

Janiya rice scam
জনীয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউলৰ নামত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : May 18, 2020, 10:38 AM IST

বৰপেটা,18 মেঃ বৰপেটাৰ জনীয়াত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ডৰ বিপৰীতে চাউল যোগান ধৰাৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে দোকানী ওচমান আলিৰ বিৰুদ্ধে । উল্লেখ্য যে, পশ্চিম জনীয়া সমবায় সমিতিৰ অধীনস্ত বিএছএম ২২/২০০৩/২৫৮/৫৯ নম্বৰৰ সুলভ মূল্যৰ দোকানী ওচমান আলীয়ে কাৰ্ড নথকা গ্ৰাহককো চাউল যোগান ধৰি আহিছে । আনহাতে, এই চাউলসমূহ দোকানী গৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । গ্ৰাহকসকলে চাউল বিচাৰি গ'লে অমাৰ্জিত ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে দোকানীজনৰ বিৰুদ্ধে ।

জনীয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউলৰ নামত দুৰ্নীতি

ইয়াৰ উপৰিও নতুন কাৰ্ড বনোৱাৰ বাবদ 500ৰ পৰা 1000 টকা পৰ্যন্ত লৈছে ওচমান আলিয়ে । কিন্ত ইয়াৰ পিছতো কাৰ্ডৰ যোগান ধৰা নাই গ্ৰাহকসকলক । এই বিষয়ে ভোক্তভোগী গ্ৰাহকসকলে বৰপেটা অসামৰিক খাদ্য যোগান বিভাগৰ লগত যোগাযোগ কৰিও কোনো সুফল লাভ কৰা নাই । ইয়াৰ পিছতে ক্ষুদ্ধ গ্ৰাহক সকলে বালিকুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক এই বিষয়ে অবগত কৰি এখন এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক-লকডাউন ৪.০ : কি কি নতুন নিয়মাৱলী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.