ETV Bharat / state

পৰীক্ষাৰ্থীৰ মূল্যায়ন পদ্ধতিক লৈ ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া - jania mla hafiz rafikul islam

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক(HS) পৰীক্ষাৰ্থীৰ মূল্যায়নৰ পদ্ধতি সন্দৰ্ভত জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ পৰীক্ষাৰ্থীসকলক হতাশ নোহোৱাৰ আহ্বান বিধায়কগৰাকীৰ ৷ শুকুৰবাৰে চূড়ান্ত হ'ব পৰীক্ষাৰ্থীৰ মূল্যায়ন পদ্ধতি ৷

Commenting on the evaluation system of all the examinees
পৰীক্ষাৰ্থী সকলৰ মূল্যায়ন পদ্ধতিক কেন্দ্ৰ কৰি জনীয়াৰ বিধায়কৰ মন্তব্য
author img

By

Published : Jun 25, 2021, 10:24 AM IST

জনীয়া, 25জুন: ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে হাইস্কুল শিক্ষান্ত(HSLC) আৰু উচ্চতৰ মাধ্যমিক(HS)ৰ বাতিলৰ পাচত কি ধৰণে পৰীক্ষাৰ্থীসকলৰ মূল্যায়ন কৰা হ'ব তাক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে পৰীক্ষাৰ্থীসকলৰ মূল্যায়ন পদ্ধতি সন্দৰ্ভত মন্তব্য আগবঢ়াইছে জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৷ পৰীক্ষাৰ্থীসকলক হতাশ নহ'বলৈ আহ্বান জনোৱাৰ লগতে বিধায়কগৰাকীয়ে বিশেষজ্ঞ কমিটিক ছাত্ৰ-ছাত্ৰীসকলৰ ন্যায় প্ৰাপ্তিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ৷

পৰীক্ষাৰ্থী সকলৰ মূল্যায়ন পদ্ধতিক কেন্দ্ৰ কৰি জনীয়াৰ বিধায়কৰ মন্তব্য

উল্লেখ্যে যে, শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ মূল্যায়নৰ পদ্ধতি চূড়ান্ত হ’ব যদিও বহুতে স্বজন-তোষণৰ আশংকা কৰিছে ৷ ইতিমধ্যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ ১০টা স্থান নাথাকিব বুলি কোৱা হৈছে । নৱম আৰু দশম শ্রেণীৰ পূৰ্বৰ নম্বৰৰ ভিত্তিতে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ৰ ফলাফল ।

কিন্তু, বহু বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত নকৰাৰ পৰিপ্ৰেক্ষিতত কিহৰ ভিত্তিত নম্বৰ দিয়া হ’ব বুলি ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে । ইয়াৰ মাজতে শুকুৰবাৰৰ ভিতৰত চূড়ান্ত হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ মূল্যায়নৰ পদ্ধতি । এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে মন্তব্য আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলে যাতে ন্যায় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিশেষজ্ঞ কমিটিক আহ্বান জনায় ৷

লগতে পঢ়ক : এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব শীৰ্ষস্থান

উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰাৰ পাচত ফলাফল ঘোষণাৰ ফর্মূলাক লৈ সৃষ্টি হৈছিল উদ্বিগ্নতাৰ । চাৰি লক্ষাধিক শিক্ষার্থীৰ মূল্যায়নৰ ক্ষেত্ৰত বিবেচনা কৰিবলগীয়া তথ্য আৰু বিষয়সমূহ নির্ধাৰণৰ বাবে বৃহস্পতিবাৰে পুনৰ অনুষ্ঠিত হয় উচ্চস্তৰীয় কমিটিৰ গুৰুত্বপূর্ণ বৈঠক ৷ বৈঠকত নৱম শ্ৰেণীত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ নম্বৰক মূল ভিত্তি হিচাপে লৈ ফলাফল ঘোষণা কৰাৰ পোষকতা কৰিছে উচ্চস্তৰীয় কমিটিখনে ।

প্ৰাপ্ত তথ্য অনুসৰি, নৱম শ্ৰেণীত অনুষ্ঠিত হোৱা গোট পৰীক্ষা, ছয় মাহিলি পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাত শিক্ষার্থীসকলে লাভ কৰা নম্বৰ বিবেচনা কৰা হ’ব হাইস্কুল শিক্ষান্ত (HSLC) পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত । দশম শ্ৰেণীত অনুষ্ঠিত পৰীক্ষাসমূহৰ নম্বৰো বিবেচনালৈ আহিব যদিও উচ্চস্তৰীয় কমিটিখনে নৱম শ্ৰেণীৰ পৰীক্ষাকে মূল ভিত্তি হিচাপে ল’বলৈ একপ্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ক’ভিডৰ বাবে বিগত বর্ষত বহু বিদ্যালয়ে অনুষ্ঠিত কৰিব পৰা নাছিল দশম শ্ৰেণীৰ প্ৰি-টেষ্টৰ লগতে গোট পৰীক্ষা । সেয়েহে নৱম শ্ৰেণীৰ পৰীক্ষাসমূহত যিহেতু সকলো শিক্ষার্থী অৱতীর্ণ হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি কমিটিখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : মাতৃভাষা ব্যৱহাৰৰ ক্ষেত্ৰত কিমান সজাগ চৰকাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.