ETV Bharat / state

আৰ্থিক সহায়ৰ আহ্বান ৰুগীয়া আব্দুলৰ - ৰুগীয়া আব্দুল লতিফ

ধনৰ অভাৱত উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কলগাছিয়াৰ আব্দুল লতিফে । সোনকালে উন্নত চিকিৎসা কৰিলেহে জটিল ৰোগত আক্ৰান্ত হৈ থকা আব্দুল লতিফ আৰোগ্য হৈ উঠিব বুলি চিকিৎসকে পৰামৰ্শ দিছে । কিন্তু আব্দুলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱ পৰিয়ালটোৰ । সেয়ে ৰাইজৰ পৰা সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কলগাছিয়াৰ আব্দুল লতিফে

author img

By

Published : Apr 20, 2021, 8:01 PM IST

জনীয়া,২০ এপ্ৰিল: দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে বৰপেটাৰ কলগাছিয়াৰ আব্দুল লতিফ নামৰ এজন লোক । কলগাছিয়াৰ বনঘুগি গাঁৱৰ আব্দুলে পৰ্যাপ্ত ধন নথকাৰ বাবেই উন্নত চিকিৎসা লাভৰ পৰিৱৰ্তে বিচনাতে থাকিবলগীয়া হৈছে । বহুদিন ধৰি বৃক্কৰ সমস্যাত ভূগি আছে লোকজনে ।

উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কলগাছিয়াৰ আব্দুল লতিফে

ইতিমধ্যে, ঘৰৰ বিভিন্ন সামগ্ৰী বিক্ৰী কৰি গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰিছে যদিও সুফল পোৱা নাই । চিকিৎসকে পৰামৰ্শ দিছে যে বহিঃৰাজ্যৰ উন্নত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিলে সোনকালে আৰোগ্য হৈ উঠিব আব্দুল । কিন্তু বহিঃৰাজ্যলৈ গৈ চিকিৎসা কৰিবলৈ দৰিদ্ৰ পৰিয়ালটো আৰ্থিকভাৱে অপাৰগ ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হৈছে আব্দুল । এতিয়া আব্দুল অসুস্থ হৈ পৰাত পৰিয়ালটো যথেষ্ট অসুবিধাত পৰিছে । আব্দুলৰ চিকিৎসাৰ বাবে দল-সংগঠন অথবা হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰিছে পৰিয়ালটোৱে ।

কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট নম্বৰ 7108021085181, IFSC CODE: UTBIORRBAGB ৰ জৰিয়তে সহায় কৰিবলৈ অথবা 70998-60662 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

লগতে পঢ়ক: জোনাইত ক’ভিড মহামাৰী সন্দৰ্ভত সজাগতা শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.