জনীয়া, 4 মে : লক্ ডাউনে কোঙা কৰিছে বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামপুৰৰ একাংশ কৃষকক ৷ ধাৰ লৈ কৃষকসকলে শ শ বিঘা মাটিত খেতি কৰিছিল যদিও লক্ ডাউনৰ বাবে সময়ত বিক্ৰী কৰিব নোৱাৰাত এতিয়া পথাৰতে পচিবলৈ লৈছে কৃষকৰ শস্য ৷ স্নাতক ডিগ্ৰীধাৰী ছিদ্দিক হুছেইন নামৰ এজন কৃষকে জানিবলৈ দিয়া মতে, ৰামপুৰৰ প্ৰায় 700 বিঘা মাটিত এইবেলি তিতা কেৰেলাৰ খেতি কৰিছিল কৃষকে ৷ প্ৰতি বিঘাত ৪০-৪৫ হেজাৰ টকা খৰচ কৰা হৈছিল ।
খেতিডৰাৰ বাবে বেছিভাগ কৃষকৰ হাতত মূলধন নথকাত ধাৰ লৈ নতুবা বীজ ভাণ্ডাৰৰ পৰা বাকী লৈছিল কৃষকসকলে । কিন্তু পৰিতাপৰ বিষয় যে উৎপাদন ভাল হোৱা স্বত্তেও লক্ ডাউন চলি থকাত বিক্ৰী কৰিব পৰা নাই তিতা কেৰেলাৰ লগতে আন আন পাচলি। ফলত খেতিতেই পচিবলৈ পাচলিবোৰ।
এফালে ঋণৰ বোজা আনফালে পৰিয়ালটো পোহপাল দিয়াৰ চিন্তাত এতিয়া মূৰে কপালে হাত দিছে হতাশাগ্ৰস্ত খেতিয়কে। এই ক্ষেত্ৰত চৰকাৰে সহাৰ্য প্ৰদান নকৰিলে লঘোনে থাকিব লাগিব কেবাটাও খেতিয়কৰ পৰিয়াল । সেয়ে চৰকাৰক এককালীন আৰ্থিক সাহাৰ্য দি এইসকল খেতিয়কক সকাহ দিবলৈ দাবী জনাইছে সচেতন মহলে ।