ETV Bharat / state

বৰপেটাৰ নগাঁৱত কান্দোনৰ ৰোল - barpeta

বুধবাৰে পথাৰৰ মাজত থকা পুখুৰী এটাত পৰি অংকুৰ দাস, অংকুৰজ্যোতি দাস, কৌশিক দাস আৰু হেমাংগ দাস নামৰ চাৰিওটা শিশু আৰু কিশোৰৰ সলিল সমাধি হৈছিল ৷ খিলঞ্জীয়া কৈৱৰ্ত সম্প্ৰদায়ৰ পৰিয়ালৰ শিশু আৰু কিশোৰ কেইটিক হেৰুৱাই পৰিয়াল আৰু আত্মীয় স্বজনৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ  ৷

বৰপেটাৰ নগাঁওত কান্দোনৰ ৰোল
author img

By

Published : Jul 5, 2019, 7:04 AM IST

বৰপেটা, ৪ জুলাইঃ শুকুৰবাৰে ঘৰলৈ অনা হ'ল বৰপেটাৰ নগাঁৱত বুধবাৰে সলিল সমাধি ঘটা চাৰিওটা শিশুৰ মৃতদেহ ৷ বৰপেটা মেডিকেল কলেজ হস্পিতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিচতেই চাৰিওটা শিশু আৰু কিশোৰৰ মৃতদেহ নগাঁও ৰায়তপাৰাৰ ঘৰলৈ লৈ অহা হয় ৷ বুধবাৰে পথাৰৰ মাজত থকা পুখুৰী এটাত পৰি অংকুৰ দাস, অংকুৰজ্যোতি দাস, কৌশিক দাস আৰু হেমাংগ দাস নামৰ চাৰিওটা শিশু আৰু কিশোৰৰ সলিল সমাধি হৈছিল ৷ খিলঞ্জীয়া কৈৱৰ্ত সম্প্ৰদায়ৰ পৰিয়ালৰ শিশু আৰু কিশোৰ কেইটিক হেৰুৱাই পৰিয়াল আৰু আত্মীয় স্বজনৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷

বৰপেটাৰ নগাঁওত কান্দোনৰ ৰোল

মৃতদেহকেইটা ঘৰ আহি পোৱাৰ পিচতেই পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰে ৷ সৃষ্টি হয় এক হৃদয় বিদাৰক পৰিৱেশৰ ৷ কাকো কোনেও সান্ত্বনা দিব নোৱাৰা পৰিস্থিতি ৷ মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা পৰিয়ালকেইটিৰ সন্তান চাৰিটা এনেদৰে অকালতে হেৰুৱাই গাঁওবাসীও হৈ পৰিছে শোকাভিভূত ৷ বুধবাৰৰ আবেলি প্ৰায় ৪-৩০ বজাত পথাৰলৈ গৈছিল সম্পৰ্কীয় ভায়েক-ককায়েক চাৰিওটা ৷ পিছে বানপানীত পথাৰ-পুখুৰী একাকাৰ হৈ পুখুৰীৰ চিনমোকাম নাইকীয়া হৈ পৰাৰ ফলত পুখুৰীৰ পানীত সোমাই পৰে চাৰিওটা শিশু আৰু কিশোৰ ৷ দুৰ্ভগীয়া পৰিয়ালকেইটিৰ ভিতৰত অংকুৰজ্যোতি দাস, কৌশিক দাস আৰু হেমাংগ দাস একমাত্ৰ পুত্ৰ সন্তান আছিল ৷ চাৰিটা শিশু কিশোৰক এনেদৰে অকালতে হেৰুৱাই পৰিয়াল, আত্মীয় স্বজনৰ লগতে গাঁওবাসীও শোকত ম্ৰিয়মান হৈ পৰিছে ৷

Slug:     as_bar_4july_808to809_four_child_dead_tragic_monent_vis+bite_7203841                           
 চাৰি শিশুৰ সলিল সমাধিঃ
বৰপেটাৰ নগাওত কান্দোনৰ ৰোল ৷

বৰপেটা, ৪ জুলাইঃ বৰপেটাৰ নগাওত বুধবাৰে সলিল সমাধি ঘটা চাৰিওটা শিশুৰ মৃতদেহ আজি ঘৰলৈ অনা হল ৷ বৰপেটা মেডিকেল কলেজ হস্পিটালত মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিচতেই চাৰিওটা শিশু আৰু কিশোৰৰ মৃতদেহ নগাও ৰায়তপাৰাৰ ঘৰলৈ লৈ অহা হয় ৷ বুধবাৰে পথাৰৰ মাজত থকা পুখুৰী এটাত পৰি অংকুৰ দাস, অংকুৰজ্যোতি দাস, কৌশিক দাস আৰু হেমাংগ দাস নামৰ চাৰিওটা শিশু আৰু কিশোৰৰ সলিল সমাধি হৈছিল ৷ খিলঞ্জীয়া কৈৱৰ্ত সম্প্ৰদায়ৰ পৰিয়ালৰ শিশু আৰু কিশোৰ কেইটিক হেৰুৱাই পৰিয়াল আৰু আত্মীয় স্বজনৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ  ৷ সলিল সমাধি ঘটা চাৰিওটা শিশু কিশোৰ জেঠায়েক, খূড়ায়েকৰ সন্তান আছিল ৷ 
 মৃতদেহকেইটা ঘৰ আহি পোৱাৰ পিচতেই পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰে ৷ সৃষ্টি হয় এক হৃদয় বিদাৰক পৰিবেশৰ ৷ কাকো কোনেও সান্ত্বনা দিব নোৱাৰা পৰিবেশৰ সৃষ্টি হয় ৷  মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা পৰিয়ালকেইটিৰ সন্তান চাৰিটা এনেদৰে অকালতে হেৰুৱাই গাওবাসীও হৈ পৰিছে শোকাভিভূত ৷ বুধবাৰৰ আবেলি প্ৰায় ৪-৩০ বজাত পথাৰলৈ গৈছিল সম্পৰ্কীয় ভায়েক-ককায়েক চাৰিওটা ৷ পিছে বানপানীত পথাৰ-পুখুৰী একাকাৰ হৈ  পুখুৰীৰ চিনমোকাম নাইকীয়া হৈ পৰাৰ ফলত পুখুৰীৰ পানীত সোমাই পৰে চাৰিওটা শিশু আৰু কিশোৰ ৷ দূৰ্ভগীয়া পৰিয়ালকেইটিৰ ভিতৰত অংকুৰজ্যোতি দাস, কৌশিক দাস আৰু হেমাংগ দাস একমাত্ৰ পুত্ৰ সন্তান আছিল ৷ ইপিনে গাওখনৰ লোকসকলৰ মাজত কালিৰে পৰা নাই চকুত টোপনি মুখলৈ যোৱা নাই ভাত ৷ চাৰিটা শিশু কিশোৰক এনেদৰে অকালতে হেৰুৱাই পৰিয়াল, আত্মীয় স্বজনৰ লগতে গাওবাসীও হৈ পৰিছে শোকত ম্ৰিয়মান ৷ 

বাইটঃ মুক্তাৰ হুছেইন খান, সভাপতি, বিজেপি সংখ্যালঘু মৰ্চা, অসম প্ৰদেশ কমিটি ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.