ETV Bharat / state

Scam in PDS : 1800 কুইন্টল সুলভ মূল্যৰ চাউল হৰলুকিৰ অভিযোগ; প্ৰশাসনে ছীল কৰিলে গুদাম

author img

By

Published : Jun 28, 2023, 8:13 AM IST

কলগাছিয়াৰ দক্ষিণ তিতাপানী সমবায় সমিতিত জিলা খাদ্য তথা অসামৰিক যোগান বিভাগৰ অভিযান । অভিযানৰ অন্তত প্ৰশাসনে গুদামঘৰত মাৰিলে ছীল । পলাতক অৱস্থাত সমিতিৰ সম্পাদক আব্দুছ ছবুৰ আহমেদ । 1800 কুইন্টল সুলভ মূল্যৰ চাউল হৰলুকি কৰি ক’লা বজাৰত বিক্রীৰ অভিযোগ ৰাইজৰ ।

Corruption in subsidized rice
সুলভ মূল্যৰ চাউল হৰলুকি

গুদামঘৰত প্ৰশাসনৰ অভিযান

বৰপেটা, 28 জুন : বৰপেটাত সুলভ মূল্যৰ চাউল হৰলুকি ৷ মঙ্গলবাৰে সন্ধিয়া বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ তিতাপানী সমবায় সমিতি, বৰভিঠাত জিলা খাদ্য তথা অসামৰিক যোগান বিভাগে চলোৱা অভিযানত পোহৰলৈ আহে বৃহৎ দুৰ্নীতি তথা অনিয়ম । ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, সমবায় সমিতিখনৰ 1800 শ কুইন্টল সুলভ মূল্যৰ চাউল হৰলুকি কৰি ক’লা বজাৰত বিক্রীৰ অভিযোগ তুলিছিল গ্ৰাহক আব্দুছ ছামাদে । আব্দুছ ছামাদৰ অভিযোগৰ ভিত্তিত জিলা যোগান বিভাগৰ এটি সজাতি দলে অভিযান চলায় যদিও অভিযানৰ খবৰ পাই সম্পাদক আব্দুছ ছবুৰ আহমেদে পলায়ন কৰে বুলি স্থানীয় লোকে জনায় ।

কিছুসময় পিছতেই তদন্তকাৰী দলটোৱে সমবায় সমিতিৰ গুদাম ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু তদন্তৰ অন্তত দক্ষিণ তিতাপানী সমবায় সমিতিৰ কাৰ্যালয়ৰ লগতে গুদাম ঘৰটো ছীল কৰে । ইফালে তদন্তকাৰী দলে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদি বিষয়টোৰ পৰা বিৰত থকা বিষয়টোৱে সমগ্ৰ ঘটনাটোক ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে । উল্লেখ কৰা প্ৰয়োজন যে বিগত 8 বছৰ ধৰি ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা আব্দুছ ছবুৰ আহমেদ সম্পাদক হিচাপে নিযুক্ত হৈ আছে ৷ তদুপৰি, চাউল কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত কেইবাবাৰো আব্দুছ ছবুৰ আহমেদৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হৈছিল যদিও বিভাগীয় কৰ্তৃপক্ষই বিষয়টোৰ প্ৰতি প্ৰয়োজনীয় গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে স্থানীয় তথা ভুক্তভোগী ৰাইজে ।

দুখীয়া দৰিদ্ৰ পৰিয়ালৰ 1800 কুইণ্টল সুলভ মূল্যৰ চাউল হৰলুকি কৰি ক’লা বজাৰত বিক্ৰীৰ অভিযোগত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিচতহে গা লৰা পৰিলক্ষিত হয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ । পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই অভিযুক্ত আব্দুছ ছবুৰ আহমেদৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব এক লক্ষণীয় বিষয় ।

লগতে পঢ়ক : Haflong Civil Hospital : হাফলং অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.