ETV Bharat / state

কলগাছিয়াত বীজ কোম্পানীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

author img

By

Published : May 17, 2021, 1:51 PM IST

কলগাছিয়াৰ চিকিম বজাৰত পতান ধান ওলোৱাক লৈ শংকিত অঞ্চলটোৰ কৃষক ৰাইজ ৷ হাইব্ৰীড SE 5252 মডেল ধানৰ বিপৰীতে পতান ওলাইছে ধান খেতিত ৷ ঘটনাক লৈ বীজ কোম্পানী আৰু বীজ বিক্ৰেতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৃষকসকলৰ ৷

farmers-protest-at-kalgachia
বীজ কোম্পানী বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

জনীয়া,17 মে’: বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চিকিম বজাৰত হাইব্ৰীড SE 5252 মডেল ধানৰ বিপৰীতে পতান ওলোৱাৰ বাবে অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷ ঘটনাক লৈ বীজ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে ৷

উল্লেখ্য যে, বৰ্তমান বজাৰত উভৈনদী হৈ পৰিছে নকল ধানৰ বীজ । একাংশ মুনাফালোভী ব্যৱসায়ীয়ে এই নকল বীজ বিক্ৰী কৰি কৃষকৰ মূৰত ৰাম টাঙোন শোধাই আছে । যাৰ বাবে কৃষকসকলে বীজ কোম্পানী, বীজ বিক্ৰেতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷

কলগাছিয়াত বীজ কোম্পানীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

প্ৰত্যেক বছৰে এইদৰে নকল বীজ কোম্পানী আৰু অসাধু ব্যৱসায়ীয়ে কৃষক ৰাইজক মাধমাৰ শোধোৱাৰ পাচতো বীজ কোম্পানীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই চৰকাৰে । এইক্ষেত্ৰত ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে কৃষক ৰাইজে ।

লগতে পঢ়ক : ক’ভিড মুক্ত গাঁৱলৈ পৰিণত টীয়কৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.