ETV Bharat / state

Shocking incident in Barpeta: মাকক লগত লৈ কিয় থানাত সোমালগৈ মকবুল ?

author img

By

Published : Aug 3, 2022, 10:59 PM IST

আপোনাৰ মাতৃক লগত লৈ কৰ’বালৈ যাবলৈ পালে আপুনি বাৰু নিজকে সুখী অনুভৱ নকৰেনে ? গাড়ীগাঁৱৰ মকবুলেও মাকৰ লগ নেৰেই ৷ মাকক লগত লৈ ক’ত ক’ত যে যোৱা নাই সি ৷ আজি মকবুলৰ মাতৃপ্ৰেমৰ কথাকে জানো আহক ৷

drugs peddler arrested with drugs in Barpeta

বৰপেটা, ৩ আগষ্ট : মাতৃক লগত লৈ পুত্ৰ বজাৰলৈ যোৱা শুনিছে, ফুৰিবলৈ যোৱা শুনিছে বা আলহী খাবলৈ যোৱাও শুনিছে ৷ পিতৃ-মাতৃক কান্ধত তুলি তীৰ্থ ভ্ৰমণ কৰোৱা শ্ৰৱণ কুমাৰৰ কাহিনীও আপুনি পঢ়িছে (Sawan kumar story) ৷ বৃদ্ধ বয়সত পুত্ৰই এইদৰে আলপৈচান ধৰি আদৰ-সাদৰ কৰিলে সকলো মাতৃৰেই মুখত হাঁহি জিলিকি থাকিব ৷

মাকক লগত লৈ কিয় থানাত সোমালগৈ মকবুল ?

ৰ’ব আমি ক’ব খোজা কাহিনীটো অলপ বেলেগ ৷ মাতৃ ফুৰাবলৈ নিয়া পুত্ৰৰ কথা নহয়, মাতৃক লগত লৈ পুত্ৰই ড্ৰাগছ ব্যৱসায় কৰিবলৈ যোৱাৰ কথাহে আমি ক’ব খুজিছোঁ (Drugs peddler in Assam) ৷ মাতৃৰো যে কপাল, বৃদ্ধ বয়সত বেলেগ যায় তীৰ্থ ভ্ৰমণলৈ ৷ তেওঁক আকৌ পুতেকে আনিছে ড্ৰাগছ বেচিবলৈ ৷

মানুহ গুৱাহাটীৰ গাড়ীগাঁৱৰ, ধৰা পৰিল আকৌ বৰপেটাৰ ভেল্লাত ৷ মাতৃক গাড়ীত বহুৱাই ড্ৰাগছ ব্যৱসায়ী পুত্ৰ গৈছিল গাড়ীগাঁৱৰ পৰা বৰপেটালৈ ৷ পিচে কোনোবাই আৰক্ষীক খবৰ দি বপুৰাৰ সৰ্বনাশ মাতিলে ৷ বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত বৰপেটা সদৰ থানাৰ অ'চি ৰঞ্জন দলেৰ নেতৃত্বত অসামৰিক পোচাকত থকা আৰক্ষীৰ দল এটাই বৰপেটাৰ সমীপৰ ভেল্লাৰ পৰা আটক কৰে মাতৃ-পুত্ৰক দুয়োকে । আৰক্ষীৰ জালত পৰা যুৱকজন গুৱাহাটীৰ গাড়ীগাঁৱৰ মকবুল আলী (Drugs peddler arrested)।

ধৃত মকবুলৰ পৰা আৰক্ষীয়ে ১৪. ৯৯ গ্ৰাম ব্ৰাউন চুগাৰৰ এটা টোপোলা আৰু কন্টেইনাৰত থকা ৬ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে (Heroine seized by police) ।
যুৱকজনে মাতৃক লগত লৈ AR 02 B 4220 নম্বৰৰ চাৰিচকীয়া বাহন এখনেৰে বৰপেটালৈ আহি থকা অৱস্থাত ভেল্লাৰ দ্বৰ্গাহপুৰত অসামৰিক পোচাকত থকা আৰক্ষীয়ে দুয়োকে আটক কৰে । অৱশ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মকবুল আলীক গ্ৰেপ্তাৰ কৰিছে যদিও মাতৃক মুকলি কৰি দিয়াৰ সম্পৰ্কে কোনো কথা জনোৱা নাই সাংবাদিকক ৷

ইপিনে বৰপেটা আৰক্ষীয়ে বৰপেটাৰ জেইল ৰোডত আন এটা অভিযান চলাই এটা ড্ৰাগছ সেৱনকাৰী ১৫ বছৰীয়া কিশোৰক আটক কৰে ৷ আটকাধীন ড্ৰাগছ আসক্ত কিশোৰটোৰ পৰা তিনিটা ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : fake marksheet and certificate scam: বৰপেটাত ভুৱা মাৰ্কশ্বীট-চাৰ্টিফিকেট প্ৰস্তুত কৰা দুষ্টচক্ৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.