কলগাছিয়া, 14 নৱেম্বৰ: আজি 'বিশ্ব মধুমেহ দিৱস ৷' এই দিৱসৰ লগত সংগতি ৰাখি কলগাছিয়াৰ 'প'লিক্লিনিক এণ্ড ডায়েবেটিছ কেয়াৰ চেন্টাৰ'ৰ উদ্যোগত 'ৰাণ কলগাছিয়া' শীৰ্ষক এখন সজাগতামূলক দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷
মধুমেহৰ ভয়াৱহতা তথা সাৱধানতা সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত 2 শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷
অনুষ্ঠানটিৰ উদ্বোধক হিচাপে উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ নায়িকা জেৰিনা বৰুৱা ৷
সজাগতামূলক দৌৰ প্ৰতিযোগিতাৰ পুৰুষ শাখাত আজিবৰ ৰহমান আৰু মহিলা শাখাত ছানিয়া মিৰ্জাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: গৃহহীন শিশুসকলৰ শিশু দিৱস উদযাপন