ETV Bharat / state

COVID-19 ৰ সৈতে যুজিবলৈ বৰপেটাত ৪৫ খন বিচনাযুক্ত আই চি ইউ স্থাপন - বৰপেটা, চিৰাং, বঙাইগাঁও, বাক্সা, কোকৰাঝাৰ, দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলা

COVID-19 ৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বৰপেটা চিকিৎসা মহাবিদ্যালয় ৷ চিকিৎসালয়খনত আই চি ইউ নিৰ্মাণ কৰাৰ লগতে প্ৰতিদিনে শতাধিক লোকৰ 'স্বাব' পৰীক্ষা কৰা হয় বুলি কতৃৰ্পক্ষই জানিবলৈ দিয়ে ৷

COVID-19 Special ICU Ward established in barpeta medical college
কভিড-19 ৰ সৈতে যুজিবলৈ বৰপেটাত ৪৫ খন বিচনাযুক্ত আই চি ইউ স্থাপন
author img

By

Published : May 14, 2020, 12:33 PM IST

Updated : May 14, 2020, 1:11 PM IST

বৰপেটা, 14 মে' : COVID-19 ৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ লেবৰেটৰিক ICMR এ স্বীকৃতি প্ৰদান কৰাৰ পিচতে নামনি অসমৰ বৰপেটা, চিৰাং, বঙাইগাঁও, বাক্সা, কোকৰাঝাৰ, দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলাৰ সন্দেহজনক লোকৰ Covid-19 ৰ 'স্বাব' পৰীক্ষা কৰি থকা হৈছে ৷

চিকিৎসালয় কতৃপক্ষই জনোৱা মতে, চিকিৎসালয়খনত বৃহস্পতিবাৰলৈ 3,659 জন লোকৰ 'স্বাব' পৰীক্ষা কৰা হৈছে ৷ লেৱৰেটৰীত তিনিটা পৰ্যায়ত 'স্বাব' পৰীক্ষাৰ ৰিপ'ৰ্ট প্ৰকাশ কৰা হয় আৰু দৈনিক ডেৰ শতাধিক লোকৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হয় বুলি চিকিৎসালয়খনৰ COVID-19 ৰ নোডেল বিষয়া ডা৹ সুৰেশ শৰ্মাই জানিব দিয়ে ৷

কভিড-19 ৰ সৈতে যুজিবলৈ বৰপেটাত ৪৫ খন বিচনাযুক্ত আই চি ইউ স্থাপন

ইপিনে COVID-19 ৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসালয়খনত প্ৰতিটো সময়তে সষ্টম হৈ থকা বুলি চিকিৎসালয়খনৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ চিকিৎসালয়খনত প্ৰৱেশ কৰা সকলো ৰোগীক সম্পূৰ্ণ স্বাস্থ্য বিধি মতে প্ৰৱেশ কৰিবলৈ দিয়া হয় বুলি অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে, চিকিৎসালয়খনৰ তৃতীয়টো মহলা COVID-19 ৰ চিকিৎসাৰ বাবে সাজু কৰি তোলা হৈছে বুলি অধীক্ষক ডা৹ ববীজিৎ গোস্বামীয়ে প্ৰকাশ কৰিছে ৷

ইতিমধ্যে, চিকিৎসালয়খনত COVID-19 ত আক্ৰান্ত ৰোগীৰ বাবে 45 খন বিচনাযুক্ত পূৰ্ণাংগ আই চি ইউ কক্ষ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : লক্ ডাউনৰ বাবে নিজৰ ঘৰৰ ভিতৰতে শ্বুটিং কৰিছে তাৰকাসকলে

Last Updated : May 14, 2020, 1:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.