ETV Bharat / state

গুইলেজা গাঁও পঞ্চায়তত ৰিং বান্ধ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

author img

By

Published : May 23, 2021, 8:32 PM IST

৬০ নং গুইলেজা গাঁও পঞ্চায়তত ৰিং বান্ধ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি । বেঁকী নৈৰ গঢ়াখহনীয়াত চপৰা চপৰে খহিছে দুমাহ পূ্ৰ্বে নিৰ্মাণ কৰা ৰিং বান্ধ । গুইলেজা গাঁও পঞ্চায়তৰ সভাপতি ছৈয়দ আলী মণ্ডলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ ।

corruption-at-guileja-regarding-construction-ring-bandh
গুইলেজা গাঁও পঞ্চায়তত ৰিং বান্ধ নিৰ্মাণৰ নামত ব্যাপক দূৰ্নীতি

জনীয়া, 23 মে': জনীয়া সমষ্টিৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬০ নং গুইলেজা গাঁও পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে ৰিং বান্ধ নিৰ্মাণত সভাপতিয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে ।

জানিব পৰা মতে, এম জি এনৰেগা আঁচনিৰ অধীনত আব্দুল গনিৰ ঘৰৰ পৰা ভায়া বিল্লাল হুছেইনৰ ঘৰ হৈ বৰডাঙ্গা উপ-স্বাস্থ্য কেন্দ্ৰলৈ গুইলেজা গাঁও পঞ্চায়তৰ সভাপতি ছৈয়দ আলী মণ্ডলে ২৫ লাখ টকা ব্যায় সাপেক্ষে ৰিং বান্ধ নিৰ্মাণ কৰিছে । কিন্তু উক্ত ৰিং বান্ধটো আঁচনি মতে ৰূপায়ন নকৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ ফলতেই সম্প্ৰতি গৰাখহনীয়াৰ কৱলত পৰাৰ অভিযোগ উঠিছে ।

ৰাইজে কৰা অভিযোগ অনুসৰি আঁচনিটো ২৫ লাখ টকাৰ আছিল যদিও ঠিকাদাৰে মাত্ৰ ৭ ৰ পৰা ৮ লাখ টকাৰ কাম কৰি সম্পূৰ্ণ কৰিছে ৰিং বান্ধৰ কাম । বেঁকী নৈৰ পৰা ১ বিঘা আঁতৰত কৰিব লাগিছিল যদিও বেঁকী নৈৰ গাতে ৰিং বান্ধ কৰাত সম্প্ৰতি গৰাখহনীয়াৰ কৱলত পৰিছে । উল্লেখ্য যে, এই ৰিং বান্ধটোত সভাপতি ছৈয়দ আলী মণ্ডলে ব্যাপক দুৰ্নীতিৰে নিম্নমানৰ কাম কৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক : দেশত পূৰ্বতকৈ হ্ৰাস পাইছে কৰ'ণাত মৃ্ত্যু হোৱা লোকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.