ETV Bharat / state

কলগাছিয়াত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ - কলগাছিয়াত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে ৰাজ্যত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ (Congress protest in Assam)। কলগাছিয়াত একাংশ কংগ্ৰেছ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰী, বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদৰ পুত্তলিকা দাহ ।

kalgachia
কলগাছিয়াত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Apr 2, 2022, 4:49 PM IST

কলগাছিয়া,২ এপ্ৰিল : শেহতীয়াকৈ হৈ যোৱা ৰাজ্যসভা নিৰ্বাচনৰ (Assam Rajya Sabha election result 2022) পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰা পৰাস্ত হোৱাৰ পাছতে একাংশ কংগ্ৰেছ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰিছে । কংগ্ৰেছৰ সৈতে বন্ধুত্ব স্থাপন কৰা এআইইউডিএফৰ (AIUDF) বিধায়কে ৰিপুন বৰাৰ পক্ষত ভোট প্ৰদান নকৰাৰ অভিযোগ কৰিছে কংগ্ৰেছ কৰ্মীসকলে ।

কলগাছিয়াত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এআইইউডিএফৰ বিধায়কসকল বিক্ৰী যোৱাৰ অভিযোগ বহুতৰ । এনেবোৰ অভিযোগ লৈয়ে বৰপেটাৰ কলগাছিয়াতো দেখা গ'ল তীব্ৰ প্ৰতিবাদ (Congress protest in Kalgachia)। কলগাছিয়া ৰাজীৱ ভৱনৰ সন্মুখত ৰূপসী ব্লক কংগ্ৰেছ কমিটি আৰু জনীয়া সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বোকা ছটিওৱা ৰাজনীতিৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদৰ পুত্তলিকা দাহ কৰে (Congress burn effigy of Assam CM)। ইফালে প্ৰতিবাদকাৰীসকলে এআইইউডিএফ আৰু কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদক বিশ্বাসঘাটক আখ্যা দিয়ে ।

লগতে পঢ়ক :মুখ্যমন্ত্রীৰে মন্ত্রী-বিধায়ক আৰু বিষয়ববীয়াৰ গুৰুত্বপূৰ্ণ বৈঠক: নৱ নিৰ্বাচিত সাংসদক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.