ETV Bharat / state

Children Day : ৰাজ্যৰে বিভিন্ন প্ৰান্তত ধুমধামেৰে উদযাপন শিশু দিৱস - অংগনবাড়ী

14 নৱেম্বৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন । তেওঁৰ জন্ম দিন উপলক্ষে সমগ্ৰ ৰাজ্যৰে বিভিন্ন প্ৰান্তত অতি ধুম-ধামেৰে উদযাপন কৰা হয় শিশু দিৱস ৷

children day
ৰাজ্যৰে বিভিন্ন প্ৰান্তত ধুমধামেৰে উদযাপন শিশু দিৱস
author img

By

Published : Nov 14, 2021, 10:36 PM IST

নিউজ ডেস্ক, ১৪ নৱেম্বৰ : দেওবাৰে শিশু দিৱস । স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন জন্ম দিনটো সমগ্ৰ দেশতে শিশু দিৱস (Children Day) হিচাপে পালন কৰা হয় । সেই উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বৰপেটাতো পালন কৰা হয় শিশু দিৱস ।

বৰপেটা চহৰৰ বিলৰতাৰি হাটীত ২৬৩ নং অংগনবাড়ী কেন্দ্ৰত পুৱাৰে পৰা শিশু সকলৰ মাজত বিভিন্ন কাৰ্যসূচী যেনে- বৃক্ষৰোপণ, সাংস্কৃতিক অনুষ্ঠান, অভিনয়ৰ প্ৰতিযোগিতা, খেল ধেমালি আদি অনুষ্ঠিত কৰা হয় । প্ৰায় শতাধিক শিশুৱে এই অনুষ্ঠানত উপস্থিত থাকে ৷ আনহাতে, এই কাৰ্যসূচীত উপস্থিত থাকি বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে শিশুসকলৰ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে অভিভাৱকসকলৰ দায়িত্ব সম্পৰ্কতো ভাষণ প্ৰদান কৰে ৷ লগতে অতি শীঘ্ৰে বৰপেটাত দুখন শিশু উদ্যান মুকলি কৰা হ’ব বুলি জিলা প্ৰশাসনৰ ফালৰপৰা জানিবলৈ দিয়ে ।

children day
শিশু দিৱস উদযাপন

ইফালে দেওবাৰে UNICEF ৰ উদ্যোগত ব্ৰহ্মপুত্ৰ হেৰিটেজ চেন্টাৰত সপ্তাহযোৰা কাৰ্যসূচীৰে আয়োজন কৰা শিশু দিৱসৰ আৰম্ভণি কৰা হয় । অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, UNICEF লগত বিধান সভাই কাম কৰাৰ বাবে বুজা বুজি আছে । শিশু বিকাশৰ বাবে UNICEF লগত বিভিন্ন ধৰণৰ সমস্যা সমাধান সুযোগ সুবিধা প্ৰদানৰ ক্ষেত্ৰত কেনেধৰণৰ উদ্যোগ ল’ব পাৰে তাক লৈ প্ৰতিশ্ৰুতিবদ্ধ ।

লগতে পঢ়ক : GMC Notice : পাৰ্লাৰ -স্পাত বিপৰীত লিংগৰ দ্বাৰা দিব নোৱাৰিব থেৰাপী বা মালিচ

ক’ভিডৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, সেই সন্দৰ্ভতো ছাত্ৰ-ছাত্ৰীয়ে অসম বিধান সভাৰ অধ্যক্ষগৰাকীৰ আগত ব্যক্ত কৰে ৷ আনকি বহু ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিবৰ বাবে সুবিধা লাভ কৰা নাই । অৰ্থনৈতিক অৱস্থা, নেটৰ্কৰ সমস্যাৰ বাবেও অনলাইন ক্লাছত সমস্যাৰ সন্মুখীন হৈছে । বহু ক্ষতি হৈছে ছাত্ৰ-ছাত্ৰীৰ ।

children day
শিশু দিৱস উদযাপন

আহি থকা দিনত তেনে পৰিৱেশ আহিলে তাৰ সমাধান কেনেদৰে কৰিব সেয়া বিচাৰ কৰিব লাগিব । লগতে ব্যক্তিগত বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে মেডিকেল-ইঞ্জিনিয়াৰিং, চৰকাৰী মহাবিদ্যালয়ত ২০% আসন দিব লাগে বাকীবোৰ আসন চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ হ’ব লাগে বুলি মন্তব্য কৰে অনুষ্ঠানত উপস্থিত থকা শিক্ষাৰ্থীসকলে । দেওবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে Chief of UNICEF Assam ড৹ মধুলিকা জনাথন, কে কে সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নৃপেন্দ্ৰ নাৰায়ণ শৰ্মা, জি এম ডি এ ৰ CO কে জে হিলালী, বিধান সভাৰ মুখ্য সচিব হেমেন দাস ।

আনহাতে, ৱৰ্ল্ড অৱ চেভেন চিষ্টাৰ (সাত ভনীৰ পৃথিৱী) নিউজ পৰ্টেলৰ উদ্যোগত আৰু প্ৰাচ্য বিদ্যা নিকেতন প্ৰাথমিক বিদ্যালয়, হেলথ চিটি হাস্পতালৰ সহযোগত গুৱাহাটীৰ ৰূপনগৰস্থিত প্ৰাচ্য বিদ্যা নিকেতনত দেওবাৰে শিশু দিৱসৰ লগত সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ আৰম্ভণিতে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন আৰু পুষ্পাঞ্জলি অপৰ্ণ কৰে সদৌ অসম মূৰব্বী বিভাগীয় আমোলা সন্থাৰ প্ৰচাৰ সম্পাদক দীলিপ কুমাৰ বৰুৱাই ।

children day
শিশু দিৱস উদযাপন

লগতে পঢ়ক : Red Bull Shuttle Up: গুৱাহাটীৰ দেবাহুতি আৰু মালিনীৰ খিতাপ দখল

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে অৰ্থাৎ শিশু দিৱস উপলক্ষে বৰপেটা জিলাটো মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত জনতা আৰু সোণাপুৰ ৰুভি আৰু জনীয়া গাঁও পঞ্চায়তৰ ক্ষেত্ৰ পৰিদৰ্শকৰ নেতৃত্বত উলহ মালহেৰে উদযাপন কৰা হয় শিশু দিৱস । অনুষ্ঠানটোত অংগনবাড়ী কেন্দ্ৰৰ কণ কণ শিশুসকলে পণ্ডিত জৱাহৰলাল নেহৰুৰ সাজেৰে সমদল উলিয়াই শিশু দিৱস পালন কৰে ।

আনহাতে, জোনাইৰ মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অন্তৰ্গত কেমি জেলেম চক্ৰৰ অধীনত থকা বিভিন্ন অংগনবাড়ী কেন্দ্ৰসমূহেও পালন কৰে শিশু দিৱস । কেমি-জেলম চক্ৰৰ অন্তৰ্গত বিভিন্ন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকাসকলে শিশু দিৱস উপলক্ষে উলিওৱা হয় এক সমদলৰো । জোনাইৰ ১ নং মুর্কংচেলে অংগনবাড়ী কেন্দ্ৰত শিশুসকলৰ শাৰীৰিক-মানসিক উৎকর্ষ সাধনৰ উদ্দেশ্যে কণ কণ শিশুৰ মাজত অনুষ্ঠিত কৰা হয় দৌৰ প্ৰতিযোগিতা, নাচ-গান, চিত্ৰাংকণ প্ৰতিযোগিতা আদি ।

children day
শিশু দিৱস উদযাপন

আনহাতে, শিশু দিৱস উপলক্ষে নগাঁও জিলাৰ বৰভেটি গাঁও পঞ্চায়ত অন্তৰ্গত ২৮ টা অংগনবাড়ী কেন্দ্ৰৰ যৌথ প্ৰচেষ্টাত বৰভেটি নাথ গাঁও, গৰীয়া গাঁৱত দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পন কৰি উলহ-মালহৰে উদযাপন কৰা হয় শিশু দিৱসটি । শিশু দিৱসৰ লগত সংগতি ৰাখি এই কেন্দ্ৰত অংগনবাড়ী কৰ্মী, সহায়িকাসকলে শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালিৰো আয়োজন কৰে ৷

লগতে পঢ়ক : শিশু দিৱস 2021: শিশুসকলৰ বাবে পাঁচটা চিৰসেউজ গীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.