ETV Bharat / state

বৰপেটাত লৌহ কন্যা লাভলীনা বৰগোঁহাইক ৰাজহুৱা সম্বৰ্ধনা

author img

By

Published : Jan 9, 2022, 11:49 AM IST

বৰপেটাত এমেচাৰ বক্সিং সন্থাৰ ক্লাব ৰাইনোৰ মুকলি মঞ্চত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বিভিন্ন দল-সংগঠনৰ উপস্থিতিত লৌহ কন্যা লাভলীনা বৰগোঁহাইক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন (Boxer Lovlina Borgohain felicitated at Barpeta) ৷

Boxer Lovlina Borgohain felicitated at Barpeta
বৰপেটাত লৌহ কন্যা লাভলীনা বৰগোহাঁইক ৰাজহুৱা সম্বৰ্ধনা

বৰপেটা, 9 জানুৱাৰী : বৰপেটাত শুকুৰবাৰে উপস্থিত হ’ল অসম গৌৰৱ, অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোঁহাই ৷ বৰপেটা জিলা এমেচাৰ বক্সিং সন্থাৰ ক্লাব ৰাইনোৰ মুকলি মঞ্চত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ লগতে জিলা প্ৰশাসনৰ বিষয়া আৰু বিভিন্ন দল-সংগঠনৰ উপস্থিতিত লৌহ কন্যা লাভলীনা বৰগোঁহাইক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

প্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰ দৰ্শন (Lovlina Borgohain visits Barpeta Satra) কৰাৰ লগতে বৰপেটাবাসীৰ মৰম-আদৰ লাভ কৰি আপ্লুত হৈ পৰে বক্সাৰগৰাকী (Boxer Lovlina Borgohain at Barpeta on Friday) ৷ সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ এই দিনটোক এটা বিশেষ দিন বুলি উল্লেখ কৰি অনাগত সময়ত লাভলীনাই সোণৰ পদক লৈ পুনৰ বৰপেটালৈ আহিবলৈ আশা প্ৰকাশ কৰে ৷

আনহাতে, অনুষ্ঠানত বক্তব্য প্ৰদান কৰি ক্ৰীড়াৰ সৈতে জড়িত নৱপ্ৰজন্মলৈ শুভেচ্ছা জ্ঞাপন কৰে বক্সাৰগৰাকীয়ে ৷

উল্লেখ্য যে, 9-12 জানুৱাৰীলৈকে চাৰি দিন ধৰি বৰপেটাত অনুষ্ঠিত হ'ব ৰাজ্যিক ভিত্তিত বক্সিং প্ৰতিযোগিতা ৷ উক্ত বক্সিং প্ৰতিযোগিতাৰ পূৰ্বে শুকুৰবাৰে এক বিশেষ অনুষ্ঠানত অলিম্পিয়ান বক্সাৰগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জনায় আয়োজক সমিতিয়ে ৷

লাভলীনাই ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । লগতে ২০২১ চনত টকিঅ’ ২০২০ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে অসম গৌৰৱ লাভলীনাই ৷

লগতে পঢ়ক : Preparation for Bhogali Bihu : টিংখাঙত ভোগালীৰ আকৰ্ষণৰ মূল কাৰণ টাইটানিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.