ETV Bharat / state

গণ সংক্ৰমন হোৱাৰ লক্ষণ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত - কোৱাৰেন্টাইনত আছে 5 গৰাকী চিকিৎসক

হাস্পতাল খনত আক্ৰান্ত 8 গৰাকী লোক ৷ তাৰে ভিতৰত আছে কনিষ্ঠ চিকিৎসকসহ 6 গৰাকী হাস্পতাল খনৰ কৰ্মচাৰী ৷ মঙলবাৰৰ পৰা কোৱাৰেন্টাইনত আছে 5 গৰাকী চিকিৎসক সহত মুঠ 9 গৰাকী লোক ৷ এই 9 গৰাকী লোক প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিল কৰ’ণা আক্ৰান্ত কয়দী এজনৰ ৷

ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত

author img

By

Published : Jun 25, 2020, 1:10 AM IST

বৰপেটা ২৪ জুন: বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত কৰ'ণা ভাইৰাছ গণ সংক্ৰমন হোৱাৰ লক্ষণে দেখা দিছে ৷ হাস্পতাল খনৰ 8 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ ৷ তাৰ ভিতৰত আছে দুগৰাকী কনিষ্ঠ চিকিৎসক আৰু কৰ্মচাৰী ৷

আক্ৰান্ত কনিষ্ঠ চিকিৎসক দুগৰাকীৰ নাম অংকিতা গুপ্তা, এনী ৰেংথাই ৷ আনহাতে আক্ৰান্ত কৰ্মচাৰী কেইজন হ'ল আব্দুল ৱাজেদ দেৱান, নৃপেন কলিতা, মনালিছা বৰুৱা আৰু বিপুল কলিতা ৷ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে জনালে এই কথা ৷

গণ সংক্ৰমন হোৱাৰ লক্ষণ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত

হাস্পতাল কৰ্ণাৰত ষ্টে‘ৰ কীপাৰ হিচাপে কৰ্মৰত আছিল মনালিছা বৰুৱা ৷ আব্দুল ৱাজেদ দেৱান ড্ৰেচাৰাৰ হিচাপে কৰ্মৰত, নৃপেন কলিতা কনিষ্ঠ সহায়ক আৰু বিপুল কলিতা আছিল মেডিকেল কলেজ হাস্পতালখনৰ ৰেকৰ্ড কীপাৰ ৷

আনহাতে ৰহিতন নেচা নামৰ এগৰাকী প্ৰসূতিও ক'ভিডত আক্ৰান্ত হৈছে ৷ ইপিনে হানিফ খান নামৰ কয়দীজনক চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ অনা মনিৰুল হক নামৰ আৰক্ষী জোৱানজনো আক্ৰান্ত হৈছে এই ৰোগত ৷

শেহতীয়াকৈ আক্ৰান্ত হোৱা কনিষ্ঠ চিকিৎসক থকা গাৰ্লচ হোষ্টেলটো কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷

ইয়াৰ পূৰ্বে ক’ভিড আক্ৰান্ত কয়দী জনৰ সংস্পৰ্শলৈ অহা 9 গৰাকী চিকিৎসা কৰ্মীক কোৱাৰেন্টাইন কৰা হৈছিল মঙলবাৰৰ পৰা ৷ তেওঁলোকৰ স্বোৱাব পৰীক্ষাৰ ফলাফল বিষয়ে জানিব পৰা হোৱা নাই ৷ এই 9 গৰাকীৰ ভিতৰত আছে 9 গৰাকীৰ ভিতৰত 5 গৰাকী চিকিৎসক, 3 গৰাকী নাৰ্চ আৰু 1 গৰাকী ছাফাই কৰ্মী ৷

কোৱাৰেন্টাইনত ৰখা চিকিৎসক কেইগৰাকী হ'ল - ডাঃ ফ্ৰান্সিচ বৰগোঁহাই, ডাঃ গৌতম সাহা, কনিষ্ঠ চিকিৎসক মফিদুল ইছলাম, দেৱৰাজ বনিয়া আৰু শৰ্মিষ্ঠা ৰয় ৷

উল্লেখ্য যে, সোমবাৰে ধুবুৰী জিলা কাৰাগাৰৰ পৰা অহা এজন কাৰাবন্দীৰ শৰীৰত ধৰা পৰিছিল COVID-19 ৷ আব্দুল হানিফ খান নামৰ কাৰাবন্দীজন চিকিৎসাৰ বাবে আহিছিল বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ ৷ কাৰাবন্দীজনৰ নিয়মমাফিকভাৱে কৰা হৈছিল স্বাব পৰীক্ষা ৷ আৰু তাৰ ফলাফলত কাৰাবন্দীজনৰ গাত ধৰা পৰে COVID-19 ৷ কয়দী জনৰ পৰাই চিকিৎসা মহাবিদ্যালয় খনত এই ৰোগৰ সংক্ৰমণ হোৱা বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়কঃ কলমৰ শক্তিৰে জীৱন সংগ্ৰামৰ বাট সুচল কৰা জোৱলা বৰাৰ কথাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.