ETV Bharat / state

আগন্তুক বিধান সভা নিৰ্বাচনত 103 খন আসন পাব বিজেপিয়ে

author img

By

Published : Oct 21, 2020, 10:37 PM IST

সৰভোগত বিজেপিৰ সদস্যভৰ্তি আৰু সম্বৰ্ধনা সভা ৷ বিজেপিৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াক বুধবাৰে সৰভোগত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় ৷ যোগদান সমাৰোহত কংগ্ৰেছ, অগপ,বি পি এফ, চি পি আই (এম),আছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ শ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷

bjp meeting
bjp meeting

বৰপেটাৰোড 21 অক্টোবৰ : বিজেপিৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াক বুধবাৰে সৰভোগত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় ৷ ভাৰতীয় জনতা পাৰ্টিৰ চকচকা ব্লক মণ্ডলৰ উদ্যোগত আয়োজিত এই সম্বৰ্ধনা সভাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া সোণোৱালক শৰাই গামোছা আদিৰে বিপুলভাৱে সম্বৰ্ধনা জনায় ৷ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ভাষণত কয় যে, সৰভোগ দুগ্ধ বিজ্ঞান মহাবিদ্যালয়খন ৪০ বিঘা মাটিত স্থাপন কৰা হ’ব ৷ মাটিৰ অভাৱত বহুত গুৰুত্বপূৰ্ণ কাম কৰিবলৈ পৰা হোৱা নাই ৷ ভুলুকাডোবাৰ ৰাইজে কেতিয়াও ভৱা নাছিল তেওঁলোকৰ অঞ্চলত আদৰ্শ চিকিৎসালয় হ’ব বুলি, কিন্তু তেওঁলোকক আচৰিত কৰি তেওঁলোকৰ অঞ্চলত আদৰ্শ হাস্পতাল নিৰ্মাণ কৰি চিকিৎসা সেৱা আৰম্ভ হৈছে ৷ বিৰোধী শক্তিয়ে সৰভোগত উপ-কোষাগাৰ কেতিয়াও স্থাপন নহয় বুলি কৈ এক ভুৱা প্ৰচাৰ আৰম্ভ কৰিছিল ৷ এতিয়া সৰভোগত উপ-কোষাগাৰ স্থাপন হৈ লেনদেন আৰম্ভ হৈছে ৷

bjp meeting
সৰভোগত বিজেপিৰ সদস্যভৰ্তি আৰু সম্বৰ্ধনা সভা

সৰভোগত বাটি আৰু দিছপুৰত কাহী থাকিলে সমষ্টিৰ কেতিয়াও উন্নয়ন নহয় সেয়ে এতিয়া দিল্লী দিছপুৰ আৰু সৰভোগ সকলো এক হোৱাৰ বাবে সৰভোগ সমষ্টিৰ উন্নয়ন হৈছে বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷ চি পি আই (এম)ৰ পৰা যিসকলে নতুনকৈ বিজেপিত যোগদান কৰিবলৈ আহিছে তেওঁলোকক চি পি আই(এম) দলৰ নেতাই গোচৰ দিয়াৰ ভাবুকি দিছে বুলি উল্লেখ কৰি ৰণজিৎ কুমাৰ দাসে কয়, যদি সঁচাকৈয়ে গোচৰ দিয়ে তেন্তে গোচৰ দিয়াৰ পাছত গোচৰ চলাই নিয়াৰ সমস্ত দ্বায়িত্ব বিজেপিয়ে ল’ব ৷ চি পি আই (এম) দলে যোৱা বছৰ এটা ঢৌ উঠাই দিছিল যে এইবাৰ ৰণজিৎ কুমাৰ দাসে জয়ী হ’লে মছজিদ মোক্তাব ভাঙিব বুলি ৷ এইবাৰ চি পি আই(এম) দলে ৫ হাজাৰতকৈও বেছি ভোট নাপায় বুলিও উল্লেখ কৰি ৰণজিৎ কুমাৰ দাসে কয় বিটিচিত এইবাৰ বিজেপিৰ নেতৃত্বত কাউঞ্চিল গঠন নহ’লেও বিজেপিৰ সহযোগত বিটিচিত চৰকাৰ গঠন হ’ব ৷

bjp meeting
সৰভোগত বিজেপিৰ সদস্যভৰ্তি

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ ৰাজনৈতিক দলৰ নাম সাংসদ দিলীপ কুমাৰ শইকীয়াই ৰাইজক সুধিছিল ৯৯% মানুহে ক’ব পৰা নাই ৷ CAA আন্দোলন কৰি ৰাজ্যসভাৰ সাংসদ হৈছে অজিত কুমাৰ ভূঞাই ৷ আমাৰ আপত্তি নাই, আমি ভাল পাইছো ৷ কিন্তু বিগত পঞ্চায়ত নিৰ্বাচনত ২২ হাজাৰ পঞ্চায়ত সদস্যৰ ভিতৰত চি পি আই এমৰ মাত্ৰ ৪০ জন সদস্য জিকিছে আৰু ২২ শ আঞ্চলিক পঞ্চায়তৰ ভিতৰত মাত্ৰ এখন আঞ্চলিক পঞ্চায়তত জিকিছে চি পি আই এম ৷ চি পি আই এমক এটা মহা শূন্য আখ্যা ৰণজিৎ দাসৰ ৷ গতিকে মহা শূন্যৰ লগত মহা শূন্য লগ লাগিছে বুলি উল্লেখ কৰি অসমৰ বিবেকবান ৰাইজে বিগত নিৰ্বাচনত কংগ্ৰেছ-এ আই ইউ ডি এফক ক্ষমতালৈ আহিবলৈ নিদিয়ে ৷ তাৰোপৰি বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা নাই বুলি দাবী কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় দিব্যাংগ মহিলা যুৱক-যুৱতী বৃদ্ধ-বৃদ্ধাকে ধৰি সৰ্বস্পৰ্শী সৰ্বব্যাপী ৰাইজৰ বাবে বিভিন্ন আঁচনি লোৱাৰ কথা উল্লেখ কৰি আগন্তুক দিনত সেইসকলে বিজেপিৰ লগতেই থাকিব ৷

আগন্তুক নিৰ্বাচনত কংগ্ৰেছে ঘোষণা কৰা আসনক ৰণজিৎ কুমাৰ দাসে কটাক্ষ কৰি কয় ৮৫ত অসমীয়া মানুহৰ আবেগ অনুভূতিত গঠিত অগপ দলেই এককভাৱে চৰকাৰ গঠন কৰিব পৰা নাই ৷ তেনেক্ষেত্ৰত নতুন ৰাজনৈতিক দলে কিবা ক্ষতি কৰিব পাৰিব বুলি ৰণজিৎ কুমাৰ দাসে নাভাৱে ৷ অসম জাতীয় পৰিষদ দলৰ নামটো ৰণজিৎ কুমাৰ দাসৰ মনত নাহা বুলিও কয় ৰণজিৎ দাসে ৷ অসম জাতীয় পৰিষদে কিছু ভোট পাব বুলি উল্লেখ কৰি বিজেপিৰ এটা ভোটো ক্ষতি নহয় বুলিও কয় ৰণজিৎ কুমাৰ দাসে ৷
বাংলাদেশত থকা খিলঞ্জীয়া কোচৰাজবংশী ৰাভা আদি লোকক ভাৰতত নাগৰিকত্ব দিয়াৰ প্ৰথা যুগ যুগান্তৰ কাল খোলা ৰখাৰ কথাও দোহাৰে সভাপতি ৰণজিৎ কুমাৰ দাসে ৷

bjp meeting
সৰভোগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস
অখিল গগৈ নিৰ্বাচন খেলে নেখেলে সেইটো তেওৰ গণতান্ত্ৰিক অধিকাৰ কিন্তু শিৱসাগৰ আসন বিজেপিয়ে জয়লাভ কৰিব বুলি উল্লেখ কৰি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৩ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলিও কয় ৰণজিৎ কুমাৰ দাসে ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই কয় যে, কংগ্ৰেছৰ সমৰ্থনত এ আই ইউ ডি এফৰ সাংসদ অজিত কুমাৰ ভূঞা ৷ অজিত কুমাৰ ভূঞাই আজমলক মুখ্যমন্ত্ৰী পতাৰ কথাটো শিৱসাগৰত কোৱাৰ পাচত অসমৰ খিলঞ্জীয়া লোকে প্ৰতিবাদ কৰাত অজিত কুমাৰ ভূঞাই ফালৰি কাটিছে ৷ এয়া খিলঞ্জীয়া লোকৰ জয় বুলিও মন্তব্য কৰে ৷ অসমৰ খিলঞ্জীয়া লোকে যি আশা কৰি সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিছে সেই জাতি মাটি ভেটি ৰক্ষা বিজেপিয়ে ৰাখিছে বুলিও কয় সাংসদ দিলীপ শইকীয়া সোণোৱালে ৷

যোগদান সমাৰোহত কংগ্ৰেছ, অগপ,বি পি এফ, চি পি আই (এম),আছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ শ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷

bjp meeting
আগন্তুক বিধান সভা নিৰ্বাচনত 103 খন আসন পাব বিজেপিয়ে
বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান অগপৰ বৰপেটা জিলাৰ উপ সভাপতি প্ৰবীন শৰ্মা ৷ চকচকা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কংগ্ৰেছৰ কুমুদ কলিতা, বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা ৰমেন শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চন্দন কলিতা খৈৰাবাৰী গাঁও পঞ্চায়তৰ সভাপতি সুজিৎ সাহা, সৰভোগৰ জ্যেষ্ঠ নাগৰিক সদস্য , বিজেপি দলত যোগদান কৰা লোকসকলক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে গেৰুৱা বস্ত্ৰ আৰু টুপী পৰিধান কৰাই আদৰণি জনায় ৷

লগতে পঢ়ক : তিনিচুকীয়াত ভাৰতীয় সেনাৰ বিৰুদ্ধে অশ্লীল ইংগিতৰ অভিযোগ যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.