ETV Bharat / state

জনীয়াত বিজেপিৰ নিৰ্বাচনী সভা

author img

By

Published : Oct 13, 2019, 5:34 PM IST

জনীয়া সমষ্টিৰ খৰিচলাত বিজেপিৰ বিশাল নিৰ্বাচনী সভা । সমগ্ৰ ভাৰতবৰ্ষৰ দৃষ্টি জনীয়া সমষ্টিৰ ওপৰত । উপ-নিৰ্বাচনত শূন্য হ'ব কংগ্ৰেছ । এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ ৷

জনীয়াত বিজেপিৰ নিৰ্বাচনী সভা

জনীয়া, 13 অক্টোবৰঃ জনীয়া সমষ্টিত দেওবাৰে অনুষ্ঠিত কৰা হয় বিজেপি দলৰ উপ-নিৰ্বাচন কেন্দ্ৰীক এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা । সভাত মুখ্য অতিথি হিচাপে থকা বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আহ্বান জনায় জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত তৌফিকুৰ ৰহমান বুলি নহয় ৰঞ্জিৎ দাস বুলি ভোট দিয়ক । কাৰণ জনীয়া সমষ্টিৰ উন্নয়নৰ দায়িত্ব ৰঞ্জিৎ দাসৰ ওচৰত থাকিব বুলি উল্লেখ কৰে ।

বিজেপিৰ নিৰ্বাচনী সভা

ইপিনে উপ-নিৰ্বাচনত শূন্যত আউট হ'ব কংগ্ৰেছ আৰু ইউ ডি এফৰ তলাৰ চাবি বিজেপিৰ হাতত আছে বুলি কয় সেই তলা কেতিয়াও খোল নাখায় বুলি তাচ্ছিল্য কৰে ৷ সভাত বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে কয় যে, তেওঁক জিকাই দিলে কলগাছিয়াত মহকুমা, ষ্টেডিয়াম, গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ, জনীয়া সমষ্টিৰ উঠি অহা নৱ প্ৰজন্মক কলা-কৃষ্টিৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ স্বাৰ্থত ৰংগমঞ্চ, 'ডি' ভোটৰ সমস্যাৰ সমাধান, ৰাস্তা-ঘাট পকীকৰণৰ লগতে জনীয়া সমষ্টিবাসীক সদায় কাষত পাবলৈ জনীয়াত স্থায়ীভাৱে থাকিবলৈ ঘৰ বনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

Intro:slug: as_jania_13oct_bjp_election_meeting_vis3+byt2+pho1_story_asc10058

Anchor: জনীয়া সমষ্টিৰ খৰিচলাত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। সমগ্ৰ ভাৰতবৰ্ষৰ দৃষ্টি জনীয়া সমষ্টিৰ ওপৰত। কংগ্ৰেছ শূন্য হ'ব উপ-নিৰ্বাচনত। এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।Body:slug: as_jania_13oct_bjp_election_meeting_vis3+byt2+pho1_story_asc10058

VO: জনীয়া সমষ্টিত দেওবাৰে বিজেপি দলৰ উপ-নিৰ্বাচন কেন্দ্ৰীক এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দলৰ টিকটৰ দাবীদাৰ আব্দুছ ছামাদে। সভাত মুখ্য অতিথি হিচাপে বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন তৌফিকুৰ ৰহমানক নহয় ৰঞ্জিত দাসক ভোট দিবলৈ আহ্বান জনায়। জনীয়া সমষ্টিৰ উন্নয়নৰ দায়িত্ব ৰঞ্জিত দাসৰ ওচৰত থাকিব বুলি দোহাৰে। জনীয়া সমষ্টিত বিজেপি জিকিলে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মোদীক উপস্থিত কৰাই জনীয়াৰ ৰাইজক অভিবাদন জনোৱা হ'ব বুলি ঘোষণা কৰে। কংগ্ৰেছ উপ-নিৰ্বাচনত শূন্যত আউট হ'ব আৰু ইউ ডি এফৰ তলাৰ চাবি বিজেপিৰ হাতত থকাৰ কাৰণে কোনো উন্নয়ন মূলক কাম কৰিব নোৱাৰে বুলিও সমালোচনা কৰে। সভাত বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে কয় যে, তেওঁক জিকাই দিলে কলগাছিয়াত মহকুমা, ষ্টেডিয়াম, গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ, জনীয়া সমষ্টিৰ উঠি অহা নব প্ৰজন্মক কলা-কৃষ্টিৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ স্বাৰ্থত ৰঙ্গমঞ্চ, 'ডি' ভোটৰ সমস্যাৰ সমাধান, ৰাস্তা ঘাট পকীকৰণৰ লগতে জনীয়া সমষ্টিবাসীক সদায় কাষত পাবলৈ জনীয়াত স্থায়ীভাৱে থাকিবলৈ ঘৰ বনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাত বিজেপিৰ সংখ্যালঘু ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে তেওঁৰ বক্তব্যত কয় যে সমগ্ৰ দেশৰ সংখ্যালঘু জনসাধাৰণৰ দৃষ্টি জনীয়া সমষ্টিৰ ওপৰত আছে কাৰণ ৯৫ শতাংশ সংখ্যালঘু অধ্যুষিত জনীয়া সমষ্টিত বিজেপি জিকিলে তাৰ বাবে সমগ্ৰ মুছলমান মানুহৰ গৌৰৱৰ লগতে আদৰ বাঢ়িব বুলিও কয়। সভাত সংখ্যালঘু ৰাজ্যিক সম্পাদিকা ছালমা জেছমিনাৰ লগতে বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মী ভাষণ প্ৰদান কৰে। সভাত উপস্থিত ৰাইজে বিজেপিক ভোট দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।Conclusion:slug: as_jania_13oct_bjp_election_meeting_vis3+byt2+pho1_story_asc10058

Byte: বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.