ETV Bharat / state

বেকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে কলগাছিয়াৰ খাৰবাল্লীত

খাৰবাল্লীত বানৰ পাচত এতিয়া কালৰূপ ধাৰণ কৰিছে বেকী নৈৰ খহনীয়াই ৷ মাত্ৰ 10 দিনৰ ভিতৰতে উচন হ'ল 15 টা পৰিয়ালৰ আশ্ৰয়স্থল ৷

কলগাছিয়াৰ খাৰবাল্লী
কলগাছিয়াৰ খাৰবাল্লী
author img

By

Published : Sep 9, 2020, 10:51 AM IST

জনীয়া, 9 ছেপ্তেম্বৰ: কলগাছিয়াৰ খাৰবাল্লীত বেকী নৈৰ খহনীয়াই লৈছে বিধ্বংসী ৰূপ ৷ মাত্ৰ 10 দিনৰ ভিতৰতে উচন হ'ল 15 টা পৰিয়ালৰ আশ্ৰয়স্থল ৷ বানৰ পাচত কালৰূপ ধাৰণ কৰা খাৰবাল্লীত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত ৷ বেকী নৈৰ খহনীয়াই চপৰা চপৰে খহাই নিছে ৰাইজৰ ঘৰৰ ভেঁটিকে ধৰি খেতি পথাৰ ৷ সৰ্বস্বান্ত হৈ পৰিছে গঞা ৰাইজ ৷ তৎসত্বেও এই পৰ্যন্ত দুৰ্ভগীয়া ৰাইজৰ খবৰ ল'বলৈ এগৰাকীও জন প্ৰতিনিধিৰ আহৰি হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷

বেকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে কলগাছিয়াৰ খাৰবাল্লীত

বানৰ লগতে লক ডাউনৰ ফলত কৰ্মহীন হৈ পৰাৰ বাবে লঘোণে থাকিবলগীয়া হৈছে খাৰবাল্লীবাসী ৷ যাৰ বাবে বুধবাৰে ভুক্তভোগী ৰাইজৰ মাজত কাছেম আলী নামৰ এগৰাকী লোকে পৱিত্ৰ মহৰম উপলক্ষে এসাজ খাদ্যৰ যোগান ধৰে ৷ নিৰুপায় হৈ এতিয়া ভুক্তভোগী ৰাইজে হাত যোৰ কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালে খহনীয়া প্ৰতিৰোধৰ বাবে ৷ কিয়নো তেওঁলোকে ইতিমধ্যেই চৰকাৰৰ ওপৰত হেৰুৱাই পেলাইছে সকলো আস্থা ৷ যদিহে চৰকাৰে বান বিধ্বস্ত লোক সকলক কোনো ধৰণৰ সুবিধা প্ৰদান নকৰে তেন্তে তেওঁলোকে পৰিয়ালসহ বেকী নৈত আত্মজাহ দিবলগীয়া অৱস্থা হ'ব বুলি অতি দুখজনক মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত ৷

লগতে পঢ়ক: ক’লাজলত আটক চিলনী চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.