ETV Bharat / state

Money Laundering : বৰপেটাৰোডত ডাকঘৰৰ এজেণ্টে উদৰস্থ কৰিলে গ্ৰাহকৰ ধন !

author img

By

Published : Nov 22, 2022, 6:00 PM IST

Updated : Nov 23, 2022, 1:11 PM IST

ৰক্ষকেই ভক্ষক । ডাকঘৰত সুৰক্ষিত কৰি ৰাখিবলৈ জমা থোৱা গ্ৰাহকৰ সাঁচতীয়া ধন এইবাৰ উদৰস্থ কৰিলে খোদ ডাকঘৰৰ এজেণ্টে । এই ঘটনা সংঘটিত হৈছে বৰপেটাৰোডত (Barpeta Road Post Office agent money Laundering) ।

Barpeta Road
Barpeta Road

বৰপেটাৰোড, 22 নৱেম্বৰ : ৰক্ষকেই ভক্ষক । ডাকঘৰত সুৰক্ষিত কৰি ৰাখিবলৈ জমা থোৱা গ্ৰাহকৰ সাঁচতীয়া ধন এইবাৰ উদৰস্থ কৰিলে খোদ ডাকঘৰৰ এজেণ্টে । এই ঘটনা সংঘটিত হৈছে বৰপেটাৰোডত ।

বৰপেটাৰোডৰ ডাকঘৰৰ এজেণ্ট মঞ্জুৰাণী সাহা আৰু তেওঁৰ সম্পৰ্কীয় ভতিজা অসীম সাহাই বৰপেটাৰোডৰ সহস্ৰাধিক গ্ৰাহকে জমা কৰা লক্ষ লক্ষ টকা ডাকঘৰত জমা নকৰি আত্মসাৎ কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে (allegation of money laundering in Barpeta Road) ৷ বৰপেটাৰোডৰ ডাকঘৰৰ এজেণ্ট মঞ্জুৰাণী সাহাই বহু বছৰ পূৰ্বৰে পৰাই এজেণ্ট হিচাপে কাম কৰি আছে যদিও বিগত 2020 বৰ্ষৰ পৰাই ডাকঘৰৰ একাউণ্টত জমা কৰিবলৈ এজেণ্টৰ হাতত জমা কৰা ধনখিনি ডাকঘৰত এটকাও জমা নকৰাৰ অভিযোগ উত্থাপন হৈছে (Barpeta Road Post Office agent money Laundering) ৷

বৰপেটাৰোডত ডাকঘৰৰ এজেণ্টে উদৰস্থ কৰিলে গ্ৰাহকৰ ধন !

কঠোৰ পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই গ্ৰাহকে এজেণ্টৰ হাতত জমা দিয়া ধন ডাকঘৰৰ একাউণ্টত জমা নকৰাৰ বাবে উত্তেজিত গ্ৰাহকে বৰপেটাৰোড আৰক্ষীক অৱগত কৰায় (Post Office Savings scheme) ৷ সেইমৰ্মে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তিৱাৰীয়ে ডাকঘৰৰ এজেণ্ট মঞ্জুৰাণী সাহাৰ ঘৰত উপস্থিত হৈ তদন্ত কৰি প্ৰায় প্ৰায় পাঁচশৰো অধিক ডাকঘৰৰ পাছবুক উদ্ধাৰ কৰে ৷ লগতে অভিযুক্ত এজেণ্ট মঞ্জুৰাণী সাহাকো আটক কৰি থানালৈ লৈ যায় ৷

ইপিনে অভিযুক্ত এজেণ্ট মঞ্জুৰাণী সাহাই সম্পৰ্কীয় ভতিজা অসীম সাহাৰ হতুৱাই ৰাইজে ডাকঘৰৰ একাউণ্টত জমা কৰিবলৈ দিয়া ধন ডাকঘৰৰ একাউণ্টত জমা নকৰি আত্মসাৎ কৰি বিগত প্ৰায় এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে বুলিও অভিযোগ উত্থাপন কৰিছে গ্ৰাহক ৰাইজে (money laundering in Barpeta Road) ৷

প্ৰকৃততে মঞ্জুৰাণী সাহা আৰু তেওঁৰ ভতিজা অসীম সাহাই গ্ৰাহকে জমা কৰা ধন কিমান আত্মসাৎ কৰিছে সেয়া জানিব পৰা হোৱা নাই যদিও বৰপেটাৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ইপিনে এজেণ্ট মঞ্জুৰানী সাহা আৰু তেওঁৰ সহযোগী অসীম সাহাৰ হাতত ডাকঘৰৰ একাউণ্টত জমা কৰিবলৈ দিয়া ধন উভতাই বিচাৰি গ্ৰাহক ৰাইজে বৰপেটাৰোডৰ ডাকঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :Peace Accord Package : শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ

Last Updated : Nov 23, 2022, 1:11 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.