বৰপেটাৰোড, 28 অক্টোবৰ : কংগ্ৰেছে বদৰুদ্দিন আজমলক ব্যৱসায়ী বুলি কোৱাত কংগ্ৰেছক উভতি ধৰি আজমলে কয়, ‘‘মই ব্যৱসায় কৰিছো ৷ চুৰি-ডকাইতি কৰা নাই ৷ কংগ্ৰেছে হে চুৰি ডকাইতি কৰিছে’’ ৷
‘‘সাত বছৰ পূৰ্বে বিজেপি শাসনত আহিছে ৷ ইয়াৰ বিপৰীতে যোৱা 60 বছৰে মোৰ ব্যৱসায় চলি আছে ৷ কংগ্ৰেছে ইতিহাস নাজানি মাত মাতিব নালাগে ৷’’ সংবাদিকৰ আগত এইদৰে কয় বদৰুদ্দিন আজমলে ৷
বৰপেটাত এক দলীয়া সভাত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে এআইইউডিএফৰ নেতা গৰাকীয়ে ৷ তেওঁ কয়, বিজেপি জন্মৰ ১০ গুণ আগৰে পৰাই চলি আছে তেওঁৰ ব্যৱসায় ৷
লগতে পঢ়ক: উপ-নিৰ্বাচনত গণতন্ত্ৰৰ নামত বহুৱালি হৈছে : অজিত কুমাৰ ভূঞা