বৰপেটা, 18 মে’ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেউকুৰা গাঁৱত এটা পথৰ ওপৰত ঘৰ বনোৱাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত হোৱা বিতৰ্কৰ পৰিণতিত দুর্বৃত্তই মাৰপিটৰ লগতে ডেগাৰেৰে হানি-খুচি এজনক হত্যাৰ চেষ্টা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, দেউকুৰা গাঁৱৰ এটা পথৰ ওপৰত লুতফৰ ৰহমান নামৰ এজন ব্যক্তিয়ে ঘৰ বনাইছিল । এই ঘৰটো বনোৱাৰ বাবেই যাতায়তৰ অসুবিধাৰ সন্মুখীন হৈছিল বহু কেইটা পৰিয়াল ।
ফলস্বৰূপে, সোমবাৰে সন্ধিয়া একে গাঁৱৰে ইমান আলী তালুকদাৰে ঘৰটো ভাঙি দিবলৈ আহ্বান কৰাত লুতফৰ ৰহমান, আব্দুল আজিজ, আমিনুল, আজমল, বাতেন, বাতেনৰ পুত্ৰ আদিয়ে ইমান আলীক মাৰপিট কৰাৰ লগতে ডেগাৰেৰে হানি-খুচি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
লুতফৰ ৰহমানৰ নেতৃত্বত হোৱা দলবদ্ধ আক্ৰমণত ইমান আলী গুৰুতৰভাৱে আহত হোৱাৰ লগতে ইমানক উদ্ধাৰ কৰিবলৈ অহা জেহেৰুল তালুকদাৰ, নজৰুল তালুকদাৰ আৰু ইমানৰ ভনীয়েকো আহত হয় বুলি জানিব পৰা গৈছে ।
ইফালে, ডেগাৰৰ ঘাপত গুৰুতৰভাৱে আহত ইমান আলীক লগে লগে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । এই ঘটনাৰ পিছত লুতফৰ ৰহমানে পথৰ ওপৰত বনোৱা ঘৰটো নিজেই জুই লগাই দিয়াৰো অভিযোগ উত্থাপন কৰিছে একাংশই ৷
লগতে পঢ়ক :টিংৰাইৰ গ্ৰেণেড বিস্ফোৰণত জড়িত অভিযুক্তক আটক