জনীয়া, 24 অক্টোবৰ : শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিতাপানী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হয় এক মাৰপিটৰ ঘটনা । এই মাৰপিটৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷
অভিযোগ অনুসৰি, প্ৰায় দুবছৰ পূৰ্বে বানপানীৰ সময়ত আব্দুছ ছালাম নামৰ এজন লোকৰ ঘৰ নদীয়ে উটুৱই নিছিল ৷ যাৰ বাবে আব্দুল ৱাজেদ আহমেদ নামৰ এজন লোকে আব্দুছ ছালামক নিজ ঘৰতে আশ্ৰয় দিয়ে । জানিব পৰা মতে, আব্দুছ ছালাম সম্পৰ্কত আব্দুল ৱাজেদ আহমেদৰ ভনী জোঁৱায়েক ৷ কিন্তু পৰৱৰ্তী সময়ত বানপানী কমি যোৱাত ৱাজেদে জোঁৱায়েকক নিজৰ ঘৰলৈ যাবলৈ কোৱা হৈছিল ৷
অভিযোগ মতে, আব্দুছ ছালামক ঘৰলৈ যাবলৈ কোৱাই কাল হ’ল আব্দুল ৱাজেদ আহমেদৰ বাবে ৷ ঘৰলৈ গুচি যোৱাৰ বিপৰীতে আব্দুল ৱাজেদ আহমেদৰ বাসগৃহটো নিজৰ বুলি দাবী কৰে ভনী জোৱায়েক আব্দুছ ছালামে ৷ আনকি এই সংক্ৰান্তত আব্দুল ৱাজেদ আহমেদক মাৰপিট কৰাৰ লগতে সৰুভনীয়েক এজনীকো দাৰে ঘপিয়াই । প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ছালামৰ পত্নী হামিদা খাতুন জেল হাজোতলৈ যাব লগা হৈছিল ।
লগতে পঢ়ক : আপোনাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড লৈ কেনেকৈ দুষ্টচক্ৰই প্ৰবঞ্চনা কৰিব পাৰে আপোনাক ?
ঠিক তেনেদৰে শনিবাৰে পুৱাও আব্দুল ৱাজেদ আহমেদে ঘৰৰ সন্মুখত গাড়ী ধুই থকা অৱস্থাত পিছফালৰ পৰা আব্দুছ ছালাম, হাইদৰ আলী, হামিদা খাতুন আৰু আব্দুৰ ৰেজ্জাক নামৰ ব্যক্তি কেইজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ আব্দুছ ছালাম, হাইদৰ আলী, হামিদা খাতুন আৰু আব্দুৰ ৰেজ্জাকৰৰ প্ৰহাৰত গুৰুত্বৰ ভাৱে আহত হয় আব্দুল ৱাজেদ আহমেদে ৷
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ঘটনা বিষম দেখি ততাতৈয়াকৈ আব্দুল ৱাজেদক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । আনহাতে, এই ঘটনা সন্দৰ্ভত আব্দুল ৱাজেদ আহমেদে চাৰিওজন অভিযুক্তৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ । ভুক্তভোগী আৰু স্থানীয় ৰাইজৰ দাবী এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক প্ৰদান কৰক উচিত শাস্তি প্ৰদান কৰক ৷
লগতে পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীৰ অভিযান : আটক 2