ধুবুৰী, 23 জানুৱাৰীঃ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক মুক্তিৰ দাবীত ধুবুৰী আৰু কলগাছিয়াত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সংগঠনটোৰ সদস্যসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে যুৱ কংগ্ৰেছৰ নেতা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰৰ জামিন লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে নেতা গৰাকীয়ে দিছপুৰ আৰক্ষী থানাত উপস্থিত হৈছিল ৷ কিন্তু থানাত উপস্থিত হোৱাৰ পাচতেই আৰক্ষীয়ে এক নতুন গোচৰৰ ভিত্তিত পুনৰ গ্ৰেপ্তাৰ কৰে যুৱ নেতাগৰাকীক ৷
ইয়াৰ পাছতেই কামৰুল ইছলামৰ মুক্তিৰ দাবীত ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ কৰ্মী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ ৷ একেদৰে বৰপেটা জিলাৰ কলগাছিয়াতো দলটোৰ সদস্য সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদৰ জৰিয়তে যুৱ কংগ্ৰেছৰ সদস্য সকলে বিনাচৰ্তে সভাপতি গৰাকীৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷ অন্যথা অনাগত সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচীৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷
লগতে পঢ়ক ,হ্ৰাস পাইছে ভাৰতৰ গনতন্ত্ৰৰ মৰ্যাদাঃ এক প্ৰতিবেদন