ETV Bharat / state

Flood in Barpeta highway: এজাক বৰষুণতে বৰপেটাৰ ৰাজপথত নদী সদৃশ পৰিৱেশ

author img

By

Published : May 2, 2023, 4:39 PM IST

এজাক বৰষুণতে বৰপেটাৰ ৰাজপথত উদ্ভৱ হৈছে বান । কৃত্ৰিম বানত অতিষ্ঠ ৰাইজ । সেয়েহে, ক্ষুব্ধ ৰাইজে পথৰ মেৰামতিৰ দাবী জনাইছে (Public demand for reconstruction of road)।

Artificial flood in Barpeta
বৰপেটাত বিধ্বস্ত পথ
বৰপেটাত বিধ্বস্ত পথ

বৰপেটা, ২ মে': শতাব্দী প্ৰাচীন তথা জিলাৰ সদৰ চহৰ বৰপেটাৰ ৰাজপথত এজাক বৰষুণতে নদী সদৃশ পৰিবেশৰ সৃষ্টি হৈছে (Dilapidated road in Barpeta)। ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিচতো বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । বিভাগৰ লগতে জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ ফলত জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে ৷

বৰপেটা চহৰৰ পৰা জনিয়া হৈ অভয়াপুৰীলৈ যোৱা পথটোৰ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ সমীপৰ পকী পথছোৱা এজাক বৰষুণ দিলেই কেবাদিনো ধৰি পানীৰে পূৰ্ণ হৈ পৰে ৷ ফলত সেই অঞ্চলেৰে অহা যোৱা কৰা পথচাৰী সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷

বৰষুণৰ পানীয়ে প্ৰায় ১৫০ মিটাৰ অঞ্চলৰ পকী পথ বুৰাই পেলোৱাৰ ফলত ৰাইজে সেই অঞ্চলেৰে যাতায়াতত দুৰ্ভোগ ভুগিব লগা হয় (Poor road communication in Barpeta) ৷ পানীৰ ওপৰেৰে গাড়ী পাৰ হ'লেই ৰাইজৰ নগুৰ নাগতি অৱস্থা হয় ৷ পথ নিৰ্মাণকাৰী সংস্থাই উক্ত পথছোৱাৰ মাজে মাজে দ' থকা অৱস্থাত কোনো ধৰণৰ জোখ মাখ নকৰাকৈ পকী কৰাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে ৷

তদুপৰি পথছোৱা কিছু দ' হোৱাৰ লগতে পথৰ কাষ ওখ হৈ থকাত বৰষুণৰ পানী ওলাই যাব লোৱাৰে । পানী নিষ্কাষণৰ উপযুক্ত ব্য়ৱস্থা নথকাত ৰাইজে এজাক বৰষুণতে পানীৰ ওপৰেৰে পাৰাপাৰ হ'ব লগা হৈছে (Artificial flood in Barpeta) ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ বহু দোকান পোহাৰত বয় বস্তু কিনিবলৈ যাবলৈও ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈ আহিছে ৷ বৰপেটা চহৰৰ পৰা অভয়াপুৰীলৈ যোৱা এই পথছোৱাৰ কৰাৰকুৰ, জনিয়া আদি অঞ্চলত বেঁকীৰ গৰাখহনীয়াত বিধস্ত হৈ পৰাত অঞ্চলটোৰে ডাঙৰ গাড়ী মটৰৰ চলাচলো বন্ধ হৈ আছে ৷ বিধ্বস্ত এই পথ চোৱা যাতায়াতৰ বাবে সূচল কৰি তুলিবলৈ ৰাইজে দাবী জনাইছে ৷

লগতে পঢ়ক:Karnataka Polls 2023 : কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰত আজি মোডীৰ ব্যস্ত কাৰ্যসূচী, ৰাহুল-প্ৰিয়ংকাৰো প্ৰচাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.