বৰপেটা, ১৮ ডিচেম্বৰ: আজি অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী ১৩৬ সংখ্যক ওপজা দিন(Ambikagiri Raichoudhury's 136th Birth Anniversary) ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক, সাংবাদিক অম্বিকাগিৰী ৰায়চৌধুৰীৰ ওপজা দিন উপলক্ষে শনিবাৰে বৰপেটাত অনুষ্ঠিত হয় 'অম্বিকাগিৰী বঁটা প্ৰদান আৰু স্মাৰক বক্তৃতা প্রদান অনুষ্ঠান'(Ambikagiri Raichoudhury award ceremony in Barpeta) ৷ বৰপেটা সাহিত্য সভাৰ উদ্যোগত এই অনুষ্ঠানটি আয়োজন কৰা হয় ।
অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱন দৰ্শনৰ অনুৰাগী, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি প্রভূত বৰঙণি আগবঢ়োৱা নগাঁও জিলাৰ ৰত্নপুৰ নিবাসী বিশিষ্ঠ সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক উপেন্দ্ৰ বৰকটকীক এই অনুষ্ঠানতে অম্বিকাগিৰী বঁটাৰে সন্মানিত কৰা হয়(Ambikagiri award to Upendra Barkotoki) । বঁটা প্ৰদান অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা স্মাৰক বক্তৃতা অনুষ্ঠানত ডঃ অমৰজ্যোতি চৌধুৰীয়ে অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱন দৰ্শনৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানটিত অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃনালিনী দেৱী, প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাকে ধৰি কেবাগৰাকীও বিশিষ্ঠ লোকে অংশগ্ৰহণ কৰে ৷
অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়া জাতিৰ প্ৰতি যি সাৱধান বাণী শুনাইছিল সেয়া পালন কৰিলে আজি অসমীয়া জাতিটোৰ এনে দুৰ্দশা নহ'লহেতেন বুলি মন্তব্য কৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ৷ আনহাতে, বঁটা গ্ৰহণ কৰি উপেন্দ্ৰ বৰকটকীয়ে সন্তুষ্টি লাভ কৰা বুলি মন্তব্য কৰে ।
লগতে পঢ়ক:ভাষা থাকিলেহে জাতি থাকিব : এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ