ETV Bharat / state

আজমল ফাউণ্ডেশ্যনৰ খাদ্য সামগ্ৰী বিতৰণ - জনীয়া সত্ৰ আৰু গজিয়া সত্ৰ

আজমল ফাউণ্ডেশ্যনে দেওবাৰে ঐতিহ্যমণ্ডিত জনীয়া সত্ৰ আৰু গজিয়া সত্ৰবাসীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম উপস্থিত থাকে ।

ajmal foundation  food distibutation  at jonia xotro and gojiya xotro
আজমল ফাউণ্ডেশ্যনৰ খাদ্য সামগ্ৰী বিতৰণ
author img

By

Published : Jun 28, 2020, 4:08 PM IST

জনীয়া,28জুনঃ মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমৰ পৰা ৰক্ষা পাবলৈ দেশত লক ডাউন ঘোষণা কৰা হৈছিল । লডাউনৰ ফলত সাধাৰণ শ্ৰমজীবি মানুহৰ মাজত এক হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আজমল ফাউণ্ডেশ্যনে শদিয়াৰ পৰা ধুবুৰীলৈ ধাৰাবাহিক ভাৱে সাধাৰণ শ্ৰেণী লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে।

আজমল ফাউণ্ডেশ্যনৰ খাদ্য সামগ্ৰী বিতৰণ

তোনেদৰে দেওবাৰে ঐতিহ্যমণ্ডিত জনীয়া সত্ৰবাসীৰ লগতে জনীয়া অঞ্চলৰ হিন্দু সম্প্ৰদায়ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । আজিৰ এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম, বৰপেটা জিলা এ আই ইউ ডি এফৰ প্ৰশাসনিক সম্পাদক খন্দকাৰ আশ্ৰফুল মামুন, এ আই ইউ ডি এফৰ জনীয়া সমষ্টি কমিটিৰ উপ-সভাপতিদ্বয় মীৰ নজৰুল ইছলাম আৰু নজৰুল ইছলামৰ লগতে ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে । উল্লেখ্য যে, বৰপেটাৰ গজিয়া সত্ৰবাসীলৈও আজমল ফাউণ্ডেশ্যনে খাদ্য সামগ্ৰী বিতৰণ কৰিছে । আজমল ফাউণ্ডেশ্যনৰ এই পদক্ষেপত স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.