ETV Bharat / state

পলিউশ্যন চাৰ্টিফিকেট নাথাকিলে পাঁচশ টকা ফাইন ! - নতুন যান বাহন আইন

দেওবাৰৰ পৰা পৰা ম্যাদ উকলি যোৱা যান-বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰিত প্ৰমাণপত্ৰৰ বাবে ভৰিব লাগিব পাঁচশ টকাৰ জৰিমনা ৷ বৰপেটা জিলাত সাধাৰণ জনতাক অৱগত নকৰাকৈ জৰিমনা বিহাৰ ব্যৱস্থা কৰাৰ বাবে উত্তপ্ত পৰিস্তিতিৰ সৃষ্টি কৰে ক্ষুব্ধ জনতাই ৷

নতুন যান-বাহন আইনত নতুন সংযোজন
author img

By

Published : Oct 6, 2019, 3:49 PM IST

বৰপেটা, ৬ অক্টোবৰঃযান-বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰিত প্ৰমাণপত্ৰ চমুকৈ পলিউশ্যন চাৰ্টিফিকেট সংগ্ৰহৰ ক্ষেত্ৰত যান বাহনৰ গৰাকীৰ সন্মুখত ঠিয় হৈছে আন এক বিপদ ৷ দেওবাৰৰ পৰা পৰা ম্যাদ উকলি যোৱা যান-বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰিত প্ৰমাণপত্ৰৰ বাবে ভৰিব লাগিব পাঁচশ টকাৰ জৰিমনা ৷ পৰিবহন বিভাগে জাৰি কৰা নতুন এই নিৰ্দেশনাক লৈ বৰপেটাত দেওবাৰে সৃষ্টি হয় তীব্ৰ অসন্তুষ্টিৰ ৷ আনকি অসন্তুষ্ট বহু লোকে আজি জিলা উপায়ুক্তৰ চৰকাৰী বাসভৱনৰ সন্মুখত সমবেত হৈ পৰিবহন বিভাগে হঠাতে জাৰি কৰা নিৰ্দেশনাৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ৷ যানবাহনৰ গৰাকীসকলৰ এটাই অভিযোগ- এই নতুন নিৰ্দেশনাৰ কথা কিয় জনোৱা হোৱা নাই ৰাইজক ৷ এই নতুন নিৰ্দেশনা সম্পৰ্কে আগতীয়াকৈ কোনো কথা অবগত নকৰাকৈ কিয় এনেদৰে হঠাতে জৰিমনা আদায়ৰ নিৰ্দেশ দিছে পৰিবহন বিষয়াই ৷ উপায়ুক্তৰ চৰকাৰী বাসভৱনৰ সন্মুখত ক্ষুব্ধ ৰাইজক সৈমান কৰিবলৈ তাৎক্ষনিকভাৱে উপস্থিত হয় বৰপেটাৰ সদৰ থানাৰ আৰক্ষী ৷ আনহাতে আৰক্ষীয়ে ক্ষুব্ধ লোক সকলক বুজাই বঢ়াই জিলা উপায়ুক্তৰ বাস ভৱনৰ পৰা আতৰাই পঠাবলৈ সক্ষম হয় ৷ আনহাতে এনে এক ঘটনাৰ পিছতো ঘটনাস্থলীত উপস্থিত ন'হল পৰিবহন বিভাগৰ কোনো এগৰাকী বিষয়া ৷ অৱশ্যে প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰটোত উপস্থিত হৈ বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈয়ে জিলা পৰিবহন বিষয়াৰ সৈতে ফোনত যোগাযোগ কৰে ৷ ইয়াৰ পিচতে ক্ষুব্ধ লোকসকলৰ আপত্তিত আজিৰ দিনটোৰ বাবে জৰিমনা আদায় অবিহনেই প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ কেন্দ্ৰটোৰ গৰাকীক নিৰ্দেশ দিয়ে ৷ অৱশ্যে বিষয়টো সমাধান নোহোৱা পৰ্যন্ত কাইলৈৰ পৰা প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমানপত্ৰ প্ৰদান কৰা কেন্দ্ৰসমুহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৷

নতুন যান-বাহন আইনত নতুন সংযোজন

লগতে পঢ়কঃপেটুৱা গোসাঁই থানত জনগোষ্ঠীয় ভক্তৰ ভিৰ

Intro:

বৰপেটা, ৬ অক্টোবৰঃ নতুন যান বাহন আইনে জ্বলা কলা খুৱাইছে যান বাহনৰ চালক আৰু গৰাকীসকলক ৷ বিশেষকৈ পূৰ্বে যান বাহন আইনক তিলমানো গুৰুত্ব প্ৰদান নকৰা সকলক নতুন যান বাহন আইনে ভালকৈয়ে নাকী লগাবলৈ সক্ষম হৈছে ৷ তাৰমাজতে আন কিছুমান নীতি নিয়মে অসুবিধাতো পেলাইছে যান বাহনৰ গৰাকীসকলক ৷ Body:বিশেষকৈ যান-বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰিত প্ৰমাণপত্ৰ চমুকৈ পলিউশ্যন চাৰ্টিফিকেট সংগ্ৰহৰ ক্ষেত্ৰত যান বাহনৰ গৰাকীৰ সন্মুখত ঠিয় হৈছে আন এক বিপদ ৷ আজিৰে পৰা ম্যাদ উকলি যোৱা যান-বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰিত প্ৰমাণপত্ৰৰ বাবে আপুনি ভৰিব লাগিব পাঁচশ টকাৰ জৰিমনা ৷ ম্যাদ উকলি যোৱা পল্যুচন চাৰ্টিফিকেটৰ বাবে যান বাহনৰ গৰাকীয়ে পাঁচশ টকাৰ জৰিমনা আদায় দিব লগা হোৱাৰ নতুন নিৰ্দেশনাক লৈ গৰাকীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰীয়াৰ ৷ পৰিবহন বিভাগে জাৰি কৰা নতুন এই নিৰ্দেশনাক লৈ বৰপেটাত আজি সৃষ্টি হয় তীব্ৰ অসন্তুষ্টিৰ ৷ আনকি অসন্তুষ্ট বহু লোকে আজি জিলা উপায়ুক্তৰ চৰকাৰী বাসভৱনৰ সন্মুখত সমবেত হৈ পৰিবহন বিভাগে হঠাতে জাৰি কৰা নিৰ্দেশনাৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ৷ যানবাহনৰ গৰাকীসকলৰ এটাই অভিযোগ- এই নতুন নিৰ্দেশনাৰ কথা কিয় জনোৱা হোৱা নাই ৰাইজক ৷ এই নতুন নিৰ্দেশনা সম্পৰ্কে আগতীয়াকৈ কোনো কথা অবগত নকৰাকৈ কিয় এনেদৰে হঠাতে জৰিমনা আদায়ৰ নিৰ্দেশ দিছে পৰিবহন বিষয়াই ৷ উপায়ুক্তৰ চৰকাৰী বাসভৱনৰ সন্মুখত ক্ষুব্ধ ৰাইজক সৈমান কৰিবলৈ তাৎক্ষনিকভাৱে উপস্থিত হয় বৰপেটাৰ সদৰ থানাৰ আৰক্ষী ৷ আনহাতে আৰক্ষীয়ে ক্ষুব্ধ লোক সকলক বুজাই বঢ়াই জিলা উপায়ুক্তৰ বাস ভৱনৰ পৰা আতৰাই পঠাবলৈ সক্ষম হয় ৷ আনহাতে এনে এক ঘটনাৰ পিচতো ঘটনাস্থলীত উপস্থিত নহ'ল পৰিবহন বিভাগৰ কোনো এগৰাকী বিষয়া ৷ অবশ্যে পল্যুছন কেন্দ্ৰটোত উপস্থিত হৈ বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈয়ে জিলা পৰিবহন বিষয়াৰ সৈতে ফোনত যোগাযোগ কৰে ৷ ইয়াৰ পিচতে ক্ষুব্ধ লোকসকলৰ আপত্তিত আজিৰ দিনটোৰ বাবে জৰিমনা আদায় অবিহনেই প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ কেন্দ্ৰটোৰ গৰাকীক নিৰ্দেশ দিয়ে ৷ অবশ্যে বিষয়টো সমাধান নোহোৱা পৰ্যন্ত কাইলৈৰ পৰা প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমানপত্ৰ প্ৰদান কৰা কেন্দ্ৰসমুহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৷ মুঠতে যানবাহন আইনৰ নিত্য নতুন নিৰ্দেশনা আৰু ম্যাদ উকলা প্ৰমানপত্ৰৰ বাবে ৫০০ টকাৰ জৰিমনা আদায়ে এতিয়া ৰাইজক ভালকৈয়ে এশিকনি দিব বুলি ধাৰনা কৰা হৈছে ৷

Conclusion:বাইটঃ ক্ষুব্ধ যান বাহনৰ গৰাকী ৷
বাইটঃ পল্যুছন চাৰ্টিফিকেট কেন্দ্ৰৰ পৰিচালক ৷

---- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.