ETV Bharat / state

বাক্সাৰ ভূটানখুটীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বৃদ্ধা

author img

By

Published : Jun 19, 2020, 12:29 PM IST

বাক্সা জিলাৰ মুছলপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে হস্তী-মানুহৰ সংঘাতে ৷

Wild elephant killed old woman at Baksa
বাক্সাৰ ভূটানখুটীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বৃদ্ধা

বাক্সা, 19 জুন: বাক্সা জিলাৰ মুছলপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে হস্তী-মানুহৰ সংঘাতে ৷ উক্ত অঞ্চল কেইটাত বৰ্তমানেও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷

বৃহস্পতিবাৰে নিশা ভাৰত-ভূটান সীমান্তৰ ভূটানখুটী নামৰ গাঁওখনত তিনিটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও বাসগৃহ ৷ ইয়াৰ উপৰিও শোৱাপাটিৰ পৰা তুলি নি গচকি হত্যা কৰে ধনমায়া দৰ্জী নামৰ এগৰাকী 73 বছৰীয়া বৃদ্ধাক ৷

Wild elephant killed old woman at Baksa
মৃত ধনমায়া দৰ্জী

বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে বনবিভাগ আৰু নিকাছী আৰক্ষীৰ দল ৷ দীৰ্ঘদিন ধৰি এই অঞ্চলটোত বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই আহিছে যদিও বনবিভাগে কোনোধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়কঃ মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.